পঞ্জাৱবাসীয়ে লাভ কৰিব তিনিশ ইউনিট বিনামূলীয়া বিদ্যুৎঃ কেজৰিৱাল

pti06212021000187a 1 1001345 1624619597

পঞ্জাৱত অহা বছৰত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ (আপ)ৰং মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে যদিহে পঞ্জাৱত তেওঁৰ দলটোৱে নিৰ্বাচনত জয়ী লাভ কৰে তেন্তে পঞ্জাৱবাসীক বিনামূল্যে বিজুলীৰ যোগান ধৰা হ’ব । দিল্লীৰ মুখ্যমন্ত্ৰীজনে পঞ্জাৱবাসীক তিনিশ ইউনিটলৈকে বিনামূলীয়া বিদ্যুতৰ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য যে দিল্লীবাসীক বৰ্তমানে কেজৰিৱাল চৰকাৰে দুশ ইউনিট বিজুলী বিনামূল্যে যোগান ধৰি আহিছে । বিজুলীৰ সন্দৰ্ভত কালি কেজৰিৱালে পঞ্জাৱবাসীক মূলতঃ তিনিটা প্ৰতিশ্ৰুতি দিয়ে । আপৰ চৰকাৰ গঠন হ’লে পঞ্জাৱবাসীয়ে তিনিশ ইউনিটলৈকে বিজুলী বিনামূল্যে লাভ কৰাৰ লগতে পুৰণি বিজুলীৰ বিল অনাদায় থকা লোকৰ বিলৰ ধন মাফ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

চণ্ডীগড়ত আয়োজন কৰা সংবাদমেলত আপৰ মুৰব্বীজনে লগতে কয় যে যিসকল লোকৰ বিদ্যুতৰ সংযোগ ইতিমধ্যে কৰ্তন কৰা হৈছে, তেওঁলোকে পুনৰ সংযোগ লাভ কৰিব । তদুপৰি কেজৰিৱালে পঞ্জাৱবাসীক ২৪ ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ আপৰ ‘গেৰাণ্টি’ বুলিও কেজৰিৱালে দোহাৰে ।

Exit mobile version