পুনৰ বিতৰ্কত টুইটাৰ, এইবাৰ শিশু পৰ্নোগ্ৰাফিক কনটেণ্ট প্ৰকাশৰ অভিযোগত এফ‌আইআৰ

s46nnvp8 twitter

পুনৰ বিতৰ্কৰ আৱৰ্তত টুইটাৰ । এইবাৰ মাইক্ৰ’ব্লগিং ছাইটটোত শিশু পৰ্নোগ্ৰাফিক কনটেণ্ট প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধদমন শাখাৰ দ্বাৰস্থ হ’ল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ কমিচন (এনচিপিচিআৰ) । কমিচনৰ অভিযোগৰ ভিত্তিত টুইটাৰৰ বিৰুদ্ধে দ্য প্ৰটেকচন অৱ চিলড্ৰেন ফ্ৰম ছেক্সোৱেল অফেন্সেছ (পক্সো)সহ নতুন তথ্য প্ৰযুক্তি আইনৰ অধীনত এফ‌আইআৰ কৰিছে দিল্লী আৰক্ষীয়ে । ফলত এই পৰ্যন্ত টুইটাৰৰ বিৰুদ্ধে চাৰিটা এফ‌আইআৰ দাখিল কৰা হ’ল ।

এনচিপিচিআৰ-ৰ অভিযোগ, টুইটাৰত ক্ৰমাগত শিশু পৰ্নোগ্ৰাফি বিষয়ক কনটেণ্ট প’ষ্ট কৰা হৈছে । এই সন্দৰ্ভত পূৰ্বেই চাইবাৰ শাখা আৰু দিল্লী আৰক্ষীক পত্ৰ লিখিছিল এনচিপিচিআৰে । সমগ্ৰ বিষয়টোৰ তদন্ত ৰিপ’ৰ্ট সাত দিনৰ ভিতৰত কমিচনক দিবলৈ নিৰ্দেশ দিছিল তেওঁলোকে । সেই ৰিপ’ৰ্ট জমা নিদিয়াৰ বাবেই মঙলবাৰে দিল্লী আৰক্ষীৰ ডিচিপি অন্বেষ ৰায়ক কমিচনত ভাৰ্চুৱেলী উপস্থিত থাকিবৰ বাবে কৈছিল এনচিপিচিআৰে ।

প্ৰসংগত, কেন্দ্ৰীয় চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ ইতিমধ্যে কেন্দ্ৰৰ স’তে টুইটাৰৰ চৰম মতভেদ হৈছে । এই আইন অনুসৰি, সামাজিক মাধ্যমত প্ৰকাশিত সকলো কনটেণ্টৰ উৎস কেন্দ্ৰক জনাবলৈ বাধ্য ফেচবুক, টুইটাৰৰ দৰে সংস্থাসমূহ । তদুপৰি, আপত্তিজনক প’ষ্টৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা আৰু আঁতৰাই দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধ হ’ব তেওঁলোক । কিন্তু কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশৰ দ্বাৰা জনসাধাৰণৰ বাক স্বাধীনতাক হস্তক্ষেপ কৰিছে বুলি মত পোষণ কৰে টুইটাৰ কৰ্তৃপক্ষই । টুইটাৰক দেশৰ আইন অনুযায়ী চলিবলৈ নিৰ্দেশ দিছে তথ্যপ্ৰযুক্তি আইনক লৈ গঠিত সংসদীয় কমিটিয়ে ।

Exit mobile version