প্ৰতিষেধক প্ৰসংগত প্ৰশ্ন উত্থাপন কৰা প্ৰশান্ত ভূষণৰ টুইটাৰ একাউণ্ট হ’ল বন্ধ

113936009 gettyimages 1182563429

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাৰ পাছত টুইটাৰে সমাজকৰ্মী তথা অধিবক্তা প্ৰশান্ত ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে । মাইক্ৰ’ব্লগিং ছাইটটোৱে প্ৰতিষেধকৰ সন্দৰ্ভত অধিবক্তা ভূষণে কৰা এক টুইটক বিভ্ৰান্তিকৰ আখ্যা দি তেওঁৰ টুইটাৰ একাউণ্ট ১২ ঘণ্টাৰ বাবে ‘ব্লক’ কৰি দিয়ে ।

যোৱা শনিবাৰে বিয়লি ৬-২০ বজাত ভূষণে এক টুইট কৰিছিল । এই টুইটত বৰ্ষীয়ান অধিবক্তাজনে কৈছিল, ‘ক’ভিড প্ৰতিষেধকৰ সন্দৰ্ভত ম‌ই প্ৰকাশ কৰা বক্তব্যক লৈ কে’বাজনো ব্যক্তিয়ে মোক বক্তব্যৰে আক্ৰমণ কৰিছে । ম‌ই কিছু তথ্যপাতি দাখিল কৰিলো । এইসমূহ কাৰণত মোৰ মনত প্ৰতিষেধকক লৈ সন্দেহ আছে । প্ৰতিষেধকৰ পৰীক্ষণ সম্পন্ন নকৰা আৰু ইয়াৰ গম্ভীৰ পৰিণতিত লগতে নিজৰ মতামতক ‘চেঞ্চৰ’ কৰাক লৈও ম‌ই চিন্তিত ।’

টুইটাৰে ভূষণৰ এই টুইটক বিভ্ৰান্তিকৰ তথা বিপথে পৰিচালিত কৰা বুলি অভিহিত কৰি অধিবক্তাজনৰ টুইটাৰ একাউণ্ট ১২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়ে ।

Exit mobile version