মলত্যাগৰ সময়ত ৰক্তক্ষৰণৰ উপসৰ্গ দেখা গ’ল ক’ভিড ৰোগীৰ শৰীৰত, দিল্লীত মৃত এজন

india young doc wider image 00 rt jef

এইবাৰ মলদ্বাৰেৰে ৰক্তক্ষৰণ হোৱা উপসৰ্গ‌ও পৰিলক্ষিত হৈছে ৰোগীসকলৰ শৰীৰত । দিল্লীৰ এখন বেচৰকাৰী হাস্পতালত পাঁচজন ৰোগীৰ শৰীৰত এই উপসৰ্গ দেখা গৈছে । সাধাৰণতে ছাইট’মেগাল’ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত মলত্যাগৰ সময়ত ৰক্তক্ষয় হয় । কিন্তু এয়ে প্ৰথম কোনো ক’ভিড আক্ৰান্ত স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা থকা ৰোগীৰ শৰীৰত এই উপসৰ্গ‌ই দেখা দিয়াত উদ্বেগ বৃদ্ধি পাইছে বিশেষজ্ঞসকলৰ মাজত ।

এক বিবৃতিত সেই বেচৰকাৰী হাস্পতালৰ কৰ্তৃপক্ষই জনায়, ক’ভিড চিকিৎসাত প্ৰচুৰ পৰিমাণে ঔষধ আৰু ষ্টেৰ‌ইড্ ব্যৱহাৰ কৰাৰ বাবেই এই ৰোগীসকলৰ শৰীৰত এনে ধৰণৰ উপসৰ্গ‌ই দেখা দিছে । পেটত অসহ্য যন্ত্ৰনা আৰু মলত্যাগৰ সময়ত ৰক্তক্ষৰণ হয় এই ৰোগত আক্ৰান্তসকলৰ । স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মানুহৰ শৰীৰত এই ৰোগৰ কোনো উপসৰ্গ দেখা নাযায় । কিন্তু ক’ভিডৰ বাবে ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ বাবে তেওঁলোক এই ৰোগত আক্ৰান্ত হৈছে । প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে দুজনৰ অৱস্থা সংকটজনক আৰু এজনৰ মৃত্যু‌ও হৈছে । আনহাতে, বাকী তিনিজনক গেনচিক্ল’ভিৰ ঔষধ দি সুস্থ কৰি তোলা হৈছে ।

হাস্পতালখনৰ চিকিৎসক শচীন আম্বেদকাৰে জনায়, ‘ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে ভিটামিন চি তথা ডি আৰু হাৰ্বল তথা কাড়াৰ দৰে পানীয় অধিক সেৱন কৰাৰ ফলত দীৰ্ঘম্যাদত বহুতৰ শৰীৰত পাইলছৰ সমস্যাই দেখা দিছে ।’ এনে পৰিস্থিতিত তেওঁ ভিটামিন চি তথা ডি আৰু ঘৰত তৈয়াৰ কৰা কাড়া পানীয় অতি মাত্ৰাত সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে ।

Exit mobile version