মাছৰ কণীৰ আছে বিভিন্ন উপকাৰী আৰু আচৰিত গুণ ,জানিলে আপুনিও হ’ব আচৰিত

Fish Egg Fry

প্ৰায় সকলোৰে প্ৰিয় খাদ্য মাছ । মাছৰ স্বাস্থ্য উপকাৰিতা সম্পর্কে প্ৰায় সকলোৱেই জ্ঞাত। কিন্তু মাছৰ কণীৰ উপকাৰিতা জানিলে আপুনিও হব আচৰিত ।

★ মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰে

মাছৰ কণীত থকা ইপিএ , ডিএইচএ আৰু ডিপিএই এক ধৰণৰ ফেটি এচিড যিয়ে মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰাত সহায় কৰে।

★ চকু ভালে ৰাখে

মাছৰ কণীত থকা ভিটামিন-এ-ই চকু ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰি ডিএইচএ আৰু ইপিএ শিশুসকলৰ চকুৰ জ্যোতি বৃদ্ধি কৰিবলৈ আৰু ৰেটিনাৰ কার্যকাৰিতাক উন্নত কৰাত গুৰুত্বপূর্ণ।

★ এনিমিয়াৰ পৰা মুক্তি

মাছৰ কণীত থকা স্বাস্থ্যকৰ উপাদানবোৰে ৰক্ত পৰিষ্কাৰ কৰে আৰু হিমোগ্লোবিন বৃদ্ধি কৰি তোলে, যিটো এনিমিয়াৰ পৰা মুক্তি পোৱাত অত্যন্ত সহায়ক।

★ হাড় মজবুত কৰে

মাছৰ কণীত থাকে ভিটামিন-ডি, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে। লগতে দাঁত মজবুত আৰু ভালে ৰখাত সহায় কৰে।

★ হার্টৰ ৰোগ প্রতিৰোধ কৰে

মাছৰ কণীত থকা ওমেগা থ্রি ফেটি এচিড আৰু ভিটামিন-ডিয়ে হার্টৰ অসুখ প্রতিৰোধ কৰাত সহায় কৰে।

★ ৰক্তচাপ নিয়ন্ত্রণ কৰে

মাছৰ কণীত থকা ওমেগা থ্রি ফেটি এচিড যিয়ে দেহৰ ভিতৰত ৰক্ত জমা হ’বলৈ নিদিয়ে আৰু প্রদাহ হ্রাস কৰাত সহায় কৰে, যিয়ে উচ্চ ৰক্তচাপৰ পৰা দেহক ৰক্ষা কৰে।

★ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়

মাছৰ উপৰি মাছৰ কণীত থকা প্রয়োজনীয় উপাদানে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

Exit mobile version