হঠাৎ চীন সীমান্তত নিয়ােগ দুই লাখ ভাৰতীয় সেনা, সমস্যা সমাধানৰ বাবে আলােচনাৰ আহ্বানৰ মাজতে বৃদ্ধি পালে উত্তেজনা

ভাৰত সীমান্তত ছমাহ ধৰি শতাধিক সশস্ত্র অনুশীলন চীনা সৈন্যৰ

1592310715 ladakh 1

পুনৰ উন্মােচিত হ’ল চীনৰ দুমুখীয়া নীতি। এফালে, চীনে সীমান্ত সমস্যা সমাধানৰ বাবে ভাৰতক বৈঠকত অংশ ল’বলৈ আহ্বান জনাইছে আৰু আনফালে একেখন দেশে প্রকৃত নিয়ন্ত্রণ ৰেখাত ধাৰাবাহিকভাৱে নিয়ােজিত সৈন্যৰ সংখ্যা বৃদ্ধি কৰিছে।

সংবাদ সংস্থা ব্লুমবার্গে প্রকাশ কৰা অনুসৰি, বিগত ছমাহ ধৰি শতাধিকবাৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত সামৰিক অনুশীলনত অংশ লৈ আহিছে চীনৰ সেনাবাহিনীয়ে। প্রতিবাৰৰ সামৰিক অনুশীলনত অংশ লৈছে পিপলছ লিবাৰেচন আর্মিৰ সহস্রাধিক সেনা জোৱানে।

চীনৰ এই গতিবিধিৰ প্রতি লক্ষ্য ৰাখি সীমান্তত ভাৰতেও নিয়ােজিত সৈনিকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে পাংগং হ্রদৰ পৰা চীন আৰু ভাৰতে সেনা প্রত্যাহাৰৰ সিদ্ধান্ত লৈছিল; কিন্তু সীমান্ত সংঘাতৰ অন্য কেন্দ্ৰৰ পৰা চীনে সেনা আঁতৰাই নিয়াটো বাদেই, বৰঞ্চ এনেবােৰ অঞ্চলত সামৰিক অনুশীলন ব্যাপক কৰি তুলিছে।

গালৱান উপত্যকাসহ একাধিক অঞ্চলত যােৱা ছমাহত শতাধিকবাৰ সামৰিক অনুশীলনত অংশ লৈছে চীনা সৈন্যই। প্রতিবাৰতে এনে অনুশীলনত উপস্থিত আছিল এহেজাৰৰাে অধিক সৈন্য। মূলত নিজৰ অধীনত থকা তিব্বততে এনে সামৰিক অনুশীলন চলাইছে ভাৰতৰ প্রতিবেশী ৰাষ্ট্ৰখনে।

কঠিন পৰিস্থিতিত নিজৰ সেনাবাহিনীক যুদ্ধৰ কৌশল আয়ত্ত কৰােৱাৰ বাবে চীনে এই সামৰিক অনুশীলনৰ আয়ােজন কৰি আহিছে। ইফালে, অলপতে তিব্বতৰ লাছাৰ স’তেও বেইজিঙক ৰেলপথৰে সংযুক্ত কৰা হৈছে। ফলত অতি সহজে ভাৰত সীমান্তলৈ সেনা প্ৰেৰণ কৰিবলৈ সক্ষমতা আহৰণ কৰিছে বেইজিঙে।এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চীনৰ সঘন সীমান্তত সামৰিক অনুশীলনক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈছে ভাৰত।

আলােচনাৰ মাজতে সতর্ক দৃষ্টি ভাৰতৰ, চীন সীমান্তত নিয়ােগ দুই লাখ সেনাক

সীমান্তত চীনৰ পুনৰ আগ্রাসী আচৰণ প্রত্যক্ষ কৰি ভাৰতেও সতর্কতা অৱলম্বন কৰিছে। ব্লুমবার্গ’ৰ বাতৰি অনুসৰি,বিগত কে’বামাহ ধৰি চীন সীমান্তত ভাৰতে নিয়ােজিত সৈন্যৰ সংখ্যা বৃদ্ধি কৰি আহিছে।

শেহতীয়াভাৱে ভাৰতে চীন সীমান্তলৈ নতুনকৈ ৫০ হেজাৰ অতিৰিক্ত সৈন্যক প্ৰেৰণ কৰিছে। এই মুহূর্তত চীনা সীমান্তত নিয়ােজিত হৈ আছে ভাৰতৰ দুই লক্ষাধিক সেনা। প্রকাশিত তথ্য অনুসৰি, চীন সীমান্তত নিয়ােজিত হােৱা ভাৰতীয় সেনাৰ সংখ্যা সম্প্রতি যােৱা বছৰৰ তুলনাত ৪০ শতাংশ বৃদ্ধি পাইছে।

যােৱা বছৰত লাডাখৰ গালৱান উপত্যকাত উদ্ভৱ হােৱা ভাৰত-চীনৰ সেনাৰ সংঘাতৰ পাছৰে পৰা সীমান্তত উত্তেজনা অব্যাহত আছে। অৱশ্যে ইয়াৰ মাজতে ভাৰত-চীন উভয় ৰাষ্ট্ৰই পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যৰে আলােচনা অব্যাহত ৰাখিছে।

চীনা সেনাৰ গতিবিধিৰ প্রতি লক্ষ্য ৰাখি ভাৰতে সীমান্তত নিয়ােজিত সৈনিক সংখ্যা বৃদ্ধি কৰিলেও আলােচনাৰ বাবেও ইতিবাচক সঁহাৰি জনাই আহিছে। ইফালে, চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৱাং ওৱেনবিনে ভাৰত-চীন সংঘাতৰ সন্দৰ্ভত কালি কয়, উভয় দেশৰ সীমান্তৱর্তী অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

এতিয়াও উভয় দেশৰ আলােচনা চলি আছে। সেয়েহে এই মুহূর্তত ভাৰত-চীন দুয়ােখন ৰাষ্ট্ৰই আলােচনাক সন্মান প্রদর্শন কৰি সীমান্তৰ পৰা সেনাৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰি পৰিস্থিতি অধিক স্বাভাৱিক কৰি তােলা উচিত। আনহাতে, ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, পুনৰ সেনাৰ উচ্চ পর্যায়ৰ বৈঠকত বহিবলৈ সন্মত হৈছে উভয় ৰাষ্ট্ৰ।

অৱশ্যে ক’ত আৰু কেতিয়া ভাৰত-চীনৰ এই সামৰিক বৈঠক অনুষ্ঠিত হ’ব সেয়া এতিয়াও স্থিৰ হােৱা নাই। বিগত কে’বামাহ ধৰি ভাৰত-চীনৰ মাজত প্রকৃত নিয়ন্ত্রণ ৰেখাক লৈ আলােচনা অব্যাহত আছে। ইতিমধ্যে পাংগং হৃদৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ পৰা ভাৰত-চীনে সেনা প্রত্যাহাৰ কৰিছে।

বাকী অঞ্চলসমূহৰ পৰাও উভয় ৰাষ্ট্ৰই সেনা প্রত্যাহাৰৰ সন্দৰ্ভত আলােচনাত শীঘ্ৰে মিলিত হােৱাৰ কথা; কিন্তু ইয়াৰ মাজতে ভাৰতে সীমান্তত সেনাৰ সংখ্যা বৃদ্ধি কৰাৰ খবৰে চীন সীমান্তৰ বর্তমানৰ পৰিস্থিতি পুনৰ সলনি কৰিব পাৰে বুলি শংকা প্রকাশ কৰিহে কূটনৈতিক মহলৰ একাংশই।

Exit mobile version