ৰাষ্ট্ৰপতিৰ কপ্টাৰত গুলি চালনা, ‘জুকাৰবাৰ্গ’ক বিচাৰি দিলেই ২২ কোটি টকা দিব কলম্বিয়া‌ই

1521664011 0145

এইবাৰ নিজৰ অস্ত্ৰৰে নিজেই আঘাতপ্ৰাপ্ত হ’ল মাৰ্ক জুকাৰবাৰ্গ । বিশ্বৰ বৃহত্তম সামাজিক মাধ্যমৰ ‘ম’ষ্ট ৱাণ্টেড্’ তালিকাত অন্তৰ্ভুক্ত হৈ পৰিল তেওঁ । তেওঁ নিৰ্মাণ কৰা ভাৰ্চুৱেল জগতত তেওঁক বিচাৰিয়ে বিজ্ঞাপন দিলে কলম্বিয়া আৰক্ষীয়ে । সন্ধান ওলিয়াই দিব পাৰিলে ৩০ লাখ ডলাৰৰ পুৰষ্কাৰ ঘোষণা কৰিছে তেওঁলোকে, যি ভাৰতীয় মুদ্ৰাত ২২ কোটি ২৭ লাখ টকা ।

সম্প্ৰতি কলম্বিয়াৰ কুকুটা যোৱাৰ পথত দেশৰ ৰাষ্ট্ৰপতি ইভান দুকৰ হেলিকপ্টাৰক লক্ষ্য কৰি আক্ৰমণ কৰে । অভিযোগ অনুসৰি, কাটাটুম্বুৰ ওপৰেদি পাৰ হৈ যোৱাৰ সময়ত তেওঁৰ কপ্টাৰক লক্ষ্য কৰি গুলি চালনা কৰা হয় । আক্ৰমণৰ সময়ত কপ্টাৰত ৰাষ্ট্ৰপতিৰ স’তে তেওঁৰ দুজন মন্ত্ৰী আৰু আমোলাও আছিল । ৰাষ্ট্ৰপতি ইভানৰ অভিযোগ, ‘কাপুৰুষৰ দৰে আক্ৰমণ কৰিছে । গুলিৰ ফলত একাধিক গাঁত হৈছে কপ্টাৰত ।’

আক্ৰমণৰ পাছত সন্দেহজনক লোকক বিচাৰি তদন্ত আৰম্ভ কৰিছে কলম্বিয়া আৰক্ষীয়ে । সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমটো দুই সন্দেহজনক লোকৰ স্কেচ প্ৰকাশ কৰিছে তেওঁলোকে । কোৱা হৈছে যে, এই দুই কুখ্যাত অপৰাধীক বিচাৰি ওলিয়ালে ২২ কোটি টকাৰে পুৰষ্কৃত কৰা হ’ব । সেই স্কেচেই সম্প্ৰতি টোপনি কাঢ়িছে জুকাৰবাৰ্গৰ । কাৰণ দুজন ব্যক্তিৰ ছবিৰ এখন হুবহু জুকাৰবাৰ্গৰ ।

সেই স্কেচেই সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । কলম্বিয়া আৰক্ষীৰ এই বিজ্ঞপ্তি শ্বেয়াৰ কৰি ফেচবুক ত্যাগ কৰিছে হেজাৰ হেজাৰ লোকে । অপৰাধ কৰি লুকাই নাথাকি ফেচবুক স্বত্বাধিকাৰীক আৰক্ষীক ধৰা দিবলৈও আহ্বান জনাইছে বহুতে । ফলত নিজৰ সৃষ্ট ভাৰ্চুৱেল জগতত তেওঁ নিজেই হৈ পৰিছে ‘অপৰাধী’ । অৱশ্যে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া দিয়া নাই জুকাৰবাৰ্গে ।

Exit mobile version