এইবাৰ আন্তর্জাতিক মুদ্রা নিধিৰ আগজাননী, ভাৰতেই নহয়, সমগ্র বিশ্ব সম্মুখীন হ’ব জটিল সংকটৰ

ইন্ধনৰ লোমহীন মূল্যবৃদ্ধিয়ে বিৰূপ প্ৰভাৱ পেলাইছে দেশত, খাদ্যৰ অধিক মূল্যবৃদ্ধিৰ সকীয়নি

158490681720005081 686091e09c434660b2e9d78d69ceb219

কৰ’নাৰ ধাৰাবাহিক সংক্রমণ আৰু চৰম অর্থনৈতিক বিপর্যয়ৰ মাজতে আন এক ভয়াৱহ শংকা প্রকট কৰিলে আন্তর্জাতিক মুদ্রা নিধি (আই এম এফ)ৰ শেহতীয়া সমীক্ষাই। সম্প্রতি প্রকাশিত আই এম এফৰ এই সমীক্ষাত উল্লেখ কৰা অনুসৰি, আগন্তুক এবছৰত বিশ্ববজাৰত খাদ্য দ্রব্য ব্যাপক মূল্যবৃদ্ধি ঘটিব।

এই মূল্যবৃদ্ধিয়ে সমগ্র বিশ্বক বিশেষকৈ উন্নয়নশীল দেশসমূহক সর্বাধিক প্রভাৱিত কৰাৰ যথেষ্ট শংকা আছে বুলি আই এমে এফে নিজৰ সমীক্ষামূলক প্রতিবেদনত উল্লেখ কৰিছে। কৰনাৰ ব্যাপক সংক্রমণ,তলাবন্ধ, উপার্জন হ্রাস আদি এশ-এবুৰি সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বজাৰত খাদ্য দ্রব্যৰ পাইকাৰী মূল্য ইতিমধ্যে যথেষ্ট বৃদ্ধি পাইছে।

ভাৰততে খাদ্য দ্রব্যৰ খুচুৰা মূল্যবৃদ্ধিৰ হাৰে ইতিমধ্যে ৫.১ শতাংশ সীমা অতিক্রম কৰিছে। মূলতঃ খাদ্য দ্রব্যৰ মূল্যবৃদ্ধিৰ ফলত বর্তমানে দেশৰ খুচুৰা বজাৰত সামগ্রিকভাৱে মূল্যবৃদ্ধিৰ হাৰ ৬.৩ শতাংশলৈ বৃদ্ধি পাইছে। এই ব্যাপক মূল্যবৃদ্ধিয়ে ইতিমধ্যে নীতি নির্ধাৰকসকলক চিন্তিত কৰি তুলিছে।

সম্প্রতি ভাৰতৰ মুখ্য আর্থিক উপদেষ্টা কে সুব্রমণিয়ামে বজাৰত খাদ্য দ্রব্যৰ এই ধাৰাবাহিক মূল্যবৃদ্ধিৰ বাবে বিভিন্ন ৰাজ্যত হােৱা তলাবন্ধক জগৰীয়া কৰিছে। অৱশ্যে প্রধানমন্ত্ৰীৰ দৰিদ্ৰ কল্যাণ আঁচনিৰ জৰিয়তে দেশৰ এক বৃহৎসংখ্যক নাগৰিকক খাদ্য দ্রব্যৰ যােগান ধৰা হেতুকে মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক বিশেষভাৱে প্ৰভাৱিত কৰা নাই বুলি সুব্রমণিয়ামে দাবী কৰিছে।

আই এম এফেও ভাৰতত খাদ্য দ্রব্য ব্যাপক মূল্যবৃদ্ধিৰ এক কাৰক হিচাপে তলাবন্ধক গ্রহণ কৰিলেও ক’ভিড পৰিস্থিতিত হােৱা তলাবন্ধ বজাৰৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ বুলি অভিহিত কৰা নাই। আই এম এফৰ বিশেষজ্ঞৰ আশংকা অনুসৰি নিয়ন্ত্রণহীন খাদ্য দ্রব্যৰ মূল্যবৃদ্ধিৰ ফলত বিশ্বজুৰি দৰিদ্ৰ লােকৰ সংখ্যা বৃদ্ধি পাব।

ক্রিষ্টিয়ান বগমেনছৰ নেতৃত্বত আই এম এফৰ গৱেষণা বিভাগে সম্পন্ন কৰা সমীক্ষাটোত উল্লেখ কৰা অনুসৰি তলাবন্ধ, পৰিবহণৰ ব্যয় নিয়ন্ত্রণহীনভাৱে বৃদ্ধি পােৱা আৰু খাদ্য দ্রব্যৰ চাহিদা বৃদ্ধিৰ ফলত ২০২১ আৰু ২০২২ বৰ্ষত বিশ্বজুৰি অত্যাৱশ্যকীয় খাদ্য দ্রব্যৰ মূল্যবৃদ্ধি অব্যাহত থাকিব।

চীনৰ দৰে কেবাখনাে দেশে খাদ্য দ্রব্য প্রয়ােজনতকৈ অধিক পৰিমাণত মজুত কৰি ৰখাৰ ফলতাে বিশ্বজুৰি নিত্য ব্যৱহার্য খাদ্য দ্রব্যৰ মূল্য।ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে বুলি আই এম এফৰ গৱেষকে দাবী কৰিছে। ভাৰতত মূল্যবৃদ্ধিৰ হাৰলৈ লক্ষ্য ৰাখি সূতৰ হাৰ নিৰ্ধাৰণ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

মূল্যবৃদ্ধিৰ হাৰ ছয় শতাংশ ভিতৰত থকালৈকে ৰিজাৰ্ভ বেংকে সূতৰ হাৰ বৃদ্ধি কৰাৰ পৰা সাধাৰণতে বিৰত থাকে; কিন্তু ভাৰতত ইতিমধ্যে মূল্যবৃদ্ধিয়ে ছয় শতাংশৰ সীমা অতিক্রম কৰিছে। তদুপৰি ডলাৰৰ অনুপাতত টকাৰ মূল্য হ্রাস অব্যাহত আছে।

বিশ্বৰ বজাৰত পেট্র’ পণ্যৰ মূল্য যি হাৰত অহৰহ বৃদ্ধি পাই আহিছে, টকাৰ মূল্যও সমানে অৱনমিত হৈছে আৰু ক্ৰয়ৰ খৰচো একে সময়তে অধিক হৈছে। আই এম এফৰ সমীক্ষা অনুসৰি আগন্তুক সময়ত পৰিবহণৰ ব্যয় আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা আছে। পৰিবহণ ব্যয় অধিক হলে দেশত খাদ্য দ্রব্যৰ মূল্য পুনৰ বৃদ্ধি পােৱাটো তেনেই স্বাভাৱিক।

উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ মাজতে ইন্ধনজাত সামগ্ৰীৰ মূল্যই ভাৰতত নতুন অভিলেখ সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ দেশৰ বজাৰ ব্যৱস্থাত সম্প্রতি স্পষ্ট হ’বলৈ ধৰিছে। ভাৰতত শেহতীয়াভাৱে ভােজ্য তেলৰ যি ব্যাপক মূল্যবৃদ্ধি হৈছে, সেয়াও এক লক্ষ্যণীয় ঘটনা। মিঠাতেল, ছয়াবিন তেল, ৰিফাইন তেল, সূৰুযমুখী তেল আদি সকলাে ধৰণৰ খাদ্য তেলৰ মূল্য প্রায় দুগুণ বৃদ্ধি পাইছে।

একে সময়তে দেশৰ বজাৰত দীর্ঘদিন ধৰি আলু, পিয়াজ, নানা দাইলৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে। আগন্তুক সময়ত ভাৰতৰ লগতে সমগ্র বিশ্বতে এনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অধিক মূল্যবৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। আগন্তুক সময়ত খাদ্য দ্রব্যৰ মূল্যবৃদ্ধি যদি নিয়ন্ত্রণহীন হয়, তেন্তে নীতি নির্ধাৰকসকলে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব বুলি আন্তর্জাতিক মুদ্রা নিধিৰ বিশেষজ্ঞই প্রতিবেদনত মন্তব্য কৰিছে।

Exit mobile version