এইবাৰ কৃষকৰ ৰূপত নগাঁও জিলাৰ উপায়ুক্ত

ধিঙৰ পথাৰত বানাক্ৰান্ত কৃষকৰ বাবে ধানৰ কঠীয়া সিঁচিলে উপায়ুক্ত কবিথা পদ্মনাভনে

WhatsApp Image 2021 07 01 at 6.52.47 PM

ধিঙৰ পথাৰত এইবাৰ কৃষকৰ ৰূপত আত্মপ্ৰকাশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে৷ আপদকালীন অৱস্থাত অৰ্থাৎ বানপানীত ক্ষতিগ্ৰস্ত বানাক্ৰান্ত কৃষক সকলক জৰুৰী ভাৱে সহায় কৰিবৰ বাবে আগতীয়াকৈ পথাৰত ধানৰ কঠীয়াৰ উৎপাদনৰ লক্ষ্যৰে ধিঙৰ পথাৰত ধানৰ বীজ সিঁচিলে উপায়ুক্ত গৰাকীয়ে ৷

যোৱা কালি ধিঙৰ শলগুৰিৰ বোকাময় পথাৰত এইদৰে ধানৰ বীজ সিঁচি এই কাৰ্যসূচীৰ আৰম্ভ কৰে উপায়ুক্ত গৰাকীয়ে৷ উল্লেখ্য যে, আপদকালীন সময়ত অঞ্চলটোৰ কৃষক সকলক সহায় কৰিবৰ বাবে ধিং শলগুৰিৰ লুইতপৰীয়া এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ সংস্থাটোৰ বেনাৰত নগাঁও জিলা কৃষি বিভাগে উন্নত মানৰ ধানৰ বীজেৰে ধানৰ কঠীয়া উৎপাদনৰ আঁচনি গ্ৰহণ কৰিছে ৷

এই আঁচনিখন উদ্বোধন কৰিবৰ বাবে যোৱা ৩০ জুনৰ দিনা বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনৰ চমুৱাগাঁও কৃষি চক্ৰৰ ধিং শলগুৰি পথাৰত সংস্থাটোৰ কঠীয়াতলিত উপস্থিত হৈ কৃষকৰ ৰূপত ধানৰ বীজ সিঁচিলে উপায়ুক্তা গৰাকীয়ে ৷

এই কাৰ্যসূচীত উপায়ুক্তা গৰাকীক সংগ দিয়ে নগাঁও জিলাৰ কৃষি বিষয়া বিমলা দেউৰী, জিলাখনৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, চমুৱাগাঁও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্য আৰু চমুৱাগাঁও কৃষি চক্ৰৰ কৃষি সম্প্ৰসাৰণ কৰ্মী ৰবিন ডেকাই ৷

এই আঁচনিৰ জৰিয়তে সমগ্ৰ নগাঁও জিলাৰ বানাক্ৰান্ত কৃষক সকলক আপদকালীন সময়ত ধানৰ কঠীয়া যোগান ধৰিব পৰা যাব বুলি জানিবলৈ দিয়ে চমুৱাগাঁও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মনোজ বৈশ্যৰ লগতে লুইতপৰীয়া এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানে ৷

Exit mobile version