ক’ভিডমুক্ত হোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে, দাবী কৰিলে পাটনা এইমছে

2578966 1489844893

ক’ভিডৰ দ্বিতীয় ঢৌত ক’ভিডৰ পৰা সুস্থ হোৱা ৰোগীসকলৰ ৰক্ত শৰ্কৰাৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । সম্প্ৰতি এক সমীক্ষাৰ পাছত এই দাবী কৰিছে পাটনা এইমছে ।

ক’ভিডমুক্ত হোৱা তিনি হেজাৰ ৰোগীৰ ওপৰত এই সমীক্ষা চলায় এইমছে । ক’ভিডৰ পৰা সুস্থ হোৱাৰ পাছত, এইমছ কৰ্তৃপক্ষই তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে।

চিকিৎসালয়ৰ পোষ্ট-ট্ৰমা বিভাগৰ চিকিৎসক অনিল কুমাৰে দাবী কৰিছে যে ,ক’ভিডৰ পৰা আৰোগ্য ৰোগীসকলে তেওঁলোকক ১১ প্ৰকাৰৰ স্বাস্থ্য সমস্যাৰ বিষয়ে জনাইছিল। ইয়াৰ ভিতৰত আছে ক্লান্তি, ভোক, আৰু শৰীৰত অস্বাভাৱিক ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি ।

এইমছ কৰ্তৃপক্ষই দাবী কৰিছে যে তিনি হেজাৰ ৰোগীৰ ভিতৰত ৪৮০ জন ৰোগীয়ে জনাইছে যে তেওঁলোকৰ ৰক্ত শৰ্কৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

৮৪০ জন লোকে জনাইছে যে তেওঁলোকৰ নমুনা খুবেই দুৰ্বল । ৬৩৬ জন লোকে জনাইছিল যে তেওঁলোক ক’ভিডৰ পৰা মুক্ত হোৱাৰ পাছতো তেওঁলোকৰ মাজত ক্লান্তিৰ ভাব আছিল ।

Exit mobile version