খেলৰত্ন পুৰস্কাৰৰ বাবে অশ্বিন, মিতালীৰ নাম মনোনীত কৰিলে বিচিচিআই-য়ে

Ravichandran Ashwin and Mithali Raj 1260x657 1

খেলৰত্ন বঁটাৰ বাবে ৰবিচন্দ্ৰন অশ্বিন আৰু মিতালী ৰাজৰ নাম মনোনীত কৰিলে বিচিচিআই-য়ে । অৰ্জুন বঁটাৰ বাবে তিনিজন ক্ৰিকেটাৰৰ নাম মনোনয়ন কৰা হৈছে । এইকেইজন হৈছে শিখৰ ধৱন, কে এল ৰাহুল আৰু যশপ্ৰীত বুমৰা ।

ভাৰতীয় টেনিছ সংস্থা খেৰত্নৰ বাবে মনোনীত কৰা হৈছে অংকিতা ৰায়না আৰু প্ৰজ্ঞেশ গুণেশ্বৰণৰ নাম । দ্ৰুণাচাৰ্য বঁটাৰ বাবে মনোনীত কৰা হৈছে বলৰাম সিং আৰু এনৰিকো পিপাৰ্নোক ।

ভাৰতীয় কুস্তি সংস্থাই চাৰিজন কুস্তি খেলুৱৈৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে । এইসকল হৈছে ৰবি দাহিয়া, দীপক পুনিয়া, অংশু মালিক আৰু সৰিতা মৌৰ ।

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰৰ বাবে মনোনয়নৰ সময়সীমা কিছুদিন পূৰ্বে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পূৰ্বে ২১ জুন পৰ্যন্ত মনোনয়নৰ সময়সীমা আছিল ।

https://twitter.com/btsportcricket/status/1342632706547585024?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1342632706547585024%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Fbcci-nominates-ravi-ashwin-mithali-raj-for-khel-ratna-award-dgtl%2Fcid%2F1290055

উল্লেখ্য যে, বিগত বৰ্ষত পাঁচজন ক্ৰীড়াবিদক খেলৰত্ন পুৰস্কাৰ দিয়া হৈছিল । খেলৰত্ন লাভ কৰিছিল মণিকা বাত্ৰা, ৰোহিত শৰ্মা, বিনেশ ফোগাট, ৰাণী ৰামপাল আৰু মাৰিয়াপ্পান থাংগাভেলুৱে ।

মিতালীয়ে ভাৰতৰ হৈ ২২ বছৰ খেলিছে । সম্প্ৰতি তেওঁ টেষ্ট আৰু ৫০ অ’ভাৰৰ দলৰ অধিনায়ক । তেওঁ এদিনৰ ক্ৰিকেটত সাত হেজাৰৰো অধিক ৰাণ কৰিছে ।

ইপিনে, অশ্বিনে বিশ্ব টেষ্ট প্ৰতিযোগিতাত আটাইতকৈ বেছি উইকেট লৈছে । টেষ্টত তেওঁৰ ৪১২টা উইকেট আছে ।

Exit mobile version