খেলৰত্ন পুৰস্কাৰৰ বাবে মনোনীত সুনীল ছেত্ৰীৰ নাম, অৰ্জুনৰ বাবে বালা দেৱী

Sunil Chhetri and Bala Devi

ফুটবল জীৱনৰ সৰ্বোচ্চ সন্মান লাভ কৰিব সুনীল ছেত্ৰীয়ে । ভাৰতৰ অধিনায়ৰ নাম খেলৰত্নৰ বাবে মনোনীত কৰিলে সৰ্ব্বভাৰতীয় ফুটবল সংস্থাই । অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হ’ল বালা দেৱীৰ নাম ।

সংবাদ সংস্থাক এজন কৰ্তাই জনায়, এই পৰ্যন্ত তথ্য জমা দিয়া হোৱা নাই । কিছুদিনৰ ভিতৰতে জমা দিয়া হ’ব ।

সম্প্ৰতি সুনীলে আইএছ‌এলৰ ক্লাব বেংগালুৰু এফচি-ৰ হৈ খেলে । কিছুদিন পূৰ্বেই নতুনকৈ চুক্তি কৰিছে । আনহাতে, বালা দেৱীয়ে খেলে স্কটলেণ্ডৰ ৰেঞ্জাৰ্ছত ।

বিশ্বকাপৰ যোগ্যতা অৰ্জন পৰ্বৰ খেলত দেশৰ হৈ ‘গ’ল’ কৰাৰ নিৰিখত লিয়’নেল মেচীক পাছ পেলাইছিল সুনীলে ।

বিগত বৰ্ষত পাঁচজন ক্ৰীড়াবিদক খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰা হৈছিল, যি আগতে কেতিয়াও দিয়া নাই ।

Exit mobile version