চিথিলাত ১৮ উৰ্ধৰ সকলো ব্যক্তিকে ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা

Israel vaccine crop

ৰাজ্যৰ চহৰবোৰৰ লগতে গ্ৰাম্যঞ্চলতো ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে।তাৰ পৰিপেক্ষিত্বত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চলত ক’ভিড ভেকচিন প্ৰদান কৰাৰ লগতে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লৈছে।

সেইমৰ্মে দোতমাৰ ভিন্ন গ্ৰাম্যঞ্চলত ১৮ উৰ্ধৰ সকলো ব্যক্তিকে ক’ভিড ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হৈছে।সমান্তৰাল কৈ দোতমা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত চিথিলা সমুহীয়া স্বাস্থ্য কেন্দ্রত আজি ১৮ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ক’ভিড ভেকচিনৰ ব্যবস্থা কৰা হয়।

ৰাতিপুৱা ন বজাৰ পৰা ক’ভিড ভেকচিন প্ৰদান আৰম্ভ হয়। তথ্য অনুসৰি চিথিলা অঞ্চলৰ ৰাইজে ক’ভিড টেষ্টৰ আৰু ক’ভিড ভেকচিন প্ৰদানৰ প্ৰতি যথেষ্ট সহাৰি জনাইছে।

Exit mobile version