চৰকাৰ দায়বদ্ধঃ ক’ভিডত মৃতকৰ পৰিয়ালক দিব‌ই লাগিব ক্ষতিপূৰণ

SupremeCourt

ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ আদায় দিব‌ই লাগিব চৰকাৰে । এই নিৰ্দেশনা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে । ইয়াৰ বাবে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ছয় সপ্তাহৰ সময়সীমা বান্ধি দিলে ক্ষতিপূৰণৰ পৰিমাণ কিমান হ’ব কিদৰে শোকগ্ৰস্ত পৰিয়ালক এই ধন আদায় দিয়া হ’ব – এই সন্দৰ্ভত নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপৰেখা প্ৰস্তুত কৰিবলৈকো উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰক নিৰ্দেশ দিয়ে । দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ক’ভিডত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ আদায়ৰ ৰূপৰেখা তৈয়াৰৰ দায়িত্ব ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষ (এন ডি এম এ)ৰ হাতত অৰ্পণ কৰিলে ।

এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ আৰু এম আৰ শ্বাহৰ খণ্ড বিচাৰপীঠে এক গোচৰৰ ৰায়ত কয় যে, ক’ভিডত মৃতকৰ পৰিয়ালৰ লোকসকল ক্ষতিপূৰণ লাভৰ বাবে যোগ্য । কিন্তু প্ৰতিটো পৰিয়ালক কিমান টকাৰ ক্ষতিপূৰণ আদায় দিয়া হ’ব সেই কথা এন ডি এম কেয়ে সিদ্ধান্ত লোৱা উচিত । এই সন্দৰ্ভত এন ডি এম কেয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিয়ম-নীতি প্ৰস্তুত কৰিব লাগিব বুলিও বিচাৰপীঠখনে ৰায়ত উল্লেখ কৰে ।

উল্লেখ্য যে ক’ভিডত মৃতকৰ প্ৰতিটো পৰিয়ালক চাৰি লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল । কিন্তু ন্যায়ালয়ৰ আগত কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দাবী কৰি কৈছিল যে ক’ভিডত মৃতকৰ পৰিয়ালক চাৰি লাখ টকাকৈ ক্ষতিপূৰণ দিব পৰাকৈ চৰকাৰৰ হাতত ধন মজুত নাই । ন্যায়াধীশ ভূষণ আৰু শ্বাহে এই আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় বিপৰ্যয় আইনৰ ১২ নম্বৰ ধাৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে উক্ত আইন অনুযায়ী ৰাষ্ট্ৰীয় বিপৰ্যয়ৰ ক্ষেত্ৰত আন্তত ন্যূনতম সাহায্য প্ৰদান কৰিবৰৈ চৰকাৰ দায়বদ্ধ আৰু ক্ষতিপূৰণো ইয়াৰ ভিতৰতে পৰে ।

‘ন্যূনতম সাহায্যৰ ব্যৱস্থা কৰাটো আপোনালোকৰ কৰ্তব্যৰ ভিতৰত পৰে । ইমানদিন অতিবাহিত হ’লেও এই সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰকাশ কৰা নাই ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই, ইয়াৰ ভিতৰত ক্ষতিপূৰণো অন্তৰ্গত । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছে ।’ ন্যায়াধীশদ্বয়ে কালি ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষক তিৰষ্কাৰ কৰি এইদৰে কয় ।

কেন্দ্ৰৰ ফালৰ পৰা যুক্তি দৰ্শাই আদালতক কোৱা হৈছিল যে বিপৰ্যয় প্ৰশমন আইনৰ উক্ত ধাৰা বাধ্যতামূলক নহয়, কিন্তু আদালতে কেন্দ্ৰৰ এই যুক্তি নাকচ কৰি কয় যে, ইংৰাজীত ‘শ্বেল’, ‘হেন্স’ৰ দৰে এনে কিছুমান শব্দ আছে, যি সমূহে বাধ্যতামূলক হোৱাটোকে সূচায় । অৱশ্যে ইয়াৰ লগতে আদালতে কয় যে, কেন্দ্ৰীয় চৰকাৰক নিৰ্দিষ্ট পৰিমাণৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিব নোৱাৰে, কিয়নো অতিমাৰীৰ পৰিস্থিতিত স্বাস্থ্য সেৱা, প্ৰব্ৰজিত শ্ৰমিকৰ নিৰাপত্তা, অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ দৰে অনেক দায়িত্ব ন্যায়ালয়ৰ কান্ধত আছে । সেয়েহে এই বিষয়ত প্ৰয়োজনীয় সিদ্ধান্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব বুলি সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

Exit mobile version