জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমাত্ৰা হ’লগৈ ৫০ ডিগ্ৰী চেলচিয়াছ, কানাডাত প্ৰবল তাপপ্ৰবাহত মৃত ২৩০

2021 06 26T214639Z 1048975600 RC2K8O92OGDR RTRMADP 3 USA WEATHER HEATWAVE 1

জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমাত্ৰাত মৰুচহৰকো পিছ পেলালে শীতল জলবায়ুৰ দেশ কানাডাই । কলম্বিয়া প্ৰদেশেৰ তাপমাত্ৰাই প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ চুইছে ।‌ প্ৰশাসনিক সূত্ৰ অনুসৰি, তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলত যোৱা শুকুৰবাৰ আৰু মঙলবাৰৰ ভিতৰত কলম্বিয়াত ২৩০ জন লোকে প্ৰাণ হেৰুৱাইছে । ভেংকুভাৰতো ৬৯ জনৰ প্ৰাণ কাঢ়িছে এই নজিৰবিহীন জলবায়ুৱে । তাপমাত্ৰা বৃদ্ধি পোৱাৰ বাবেই কলম্বিয়াৰ বহুকেইখন অঞ্চলৰ দাবানলো ভাঙি পৰিছে বুলি প্ৰশাসন সূত্ৰৰ খবৰ ।

ভেংকুভাৰত অধিকাংশ মৃত্যু‌ও হৈছে বিগত ২৪ ঘণ্টাৰ ভিতৰত । মৃতসকলৰ ভিতৰত অধিক সংখ্যকেই বয়সস্থ । বাকীসকলৰ কিবা নহয় কিবা শাৰীৰিক অসুস্থতা আছিল বুলি জনায় প্ৰশাসনিক বিষয়াসকলে । মঙলবাৰে ভেংকুভাৰৰ লগতে লিটন, ব্ৰিটিছ কলম্বিয়াসহ একাধিক ঠাইৰ তাপমাত্ৰা আছিল ৪৯.৫ ডিগ্ৰী চেলচিয়াছ ।

এই বিৰল সপ্তাহৰ পূৰ্বে কানাডাত শেষবাৰ কেতিয়া ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰত তাপমাত্ৰা গৈছিল ধাৰণা কৰিব পৰা প্ৰশাসনিক বিষয়াসকলে । এই ৪৫ ডিগ্ৰীৰ অভিলেখো বিগত কিছু দশক পূৰ্বৰ । আগন্তুক কিছুদিনলৈকে তাপমাত্ৰা নকমে বুলি জনাইছে বতৰবিদসকলে । ব্ৰিটিছ কলম্বিয়া আৰু আলবাৰ্টাৰ লগতে উত্তৰ-পশ্চিম অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলৰ বহু ঠাইত জাৰি কৰা হৈছে তাপপ্ৰবাহৰ সতৰ্কতা ।

বৰ্দ্ধিত তাপমাত্ৰাৰ ফলত সৃষ্টি হোৱা সংকটৰ বাবে বাসিন্দাসকলৰ লগতে চৰকাৰো প্ৰস্তুত নাছিল । ফলত সমস্যা বৃদ্ধি পাইছে বুলি দাবী কৰে প্ৰশাসনিক বিষয়াসকলৰ একাংশই । এনে পৰিস্থিতিৰ বাবে একাধিক ক’ভিড টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিবলৈ বাধ্য হৈছে প্ৰশাসন । সম্প্ৰতি বিদ্যালয়সমূহো বন্ধ ৰাখিবলগীয়া হৈছে ।

Exit mobile version