নয়ডাত সংঘটিত প্ৰথমটো এ টি এম হেকিং ঘটনা, মেলৱেৰৰ জৰিয়তে ৯.৬০ লাখ টকা কৰিলে হেক

7 Types of Hackers

উত্তৰ প্রদেশৰ নয়ডাত প্ৰথমটো এ টি এম হেক কৰাৰ ঘটনা সংঘটিত হ’ল। হেকাৰে ছেক্টৰ ৬৫ৰ বহলুলপুৰ গাঁৱত থকা এক্সিছ বেংকৰ এটা এ টি এম হেক কৰে।

আৰক্ষীয়ে প্রকাশ কৰা তথ্য অনুসৰি হেকিঙৰ বাবে মেলৱেৰ ছফটৱেৰ ব্যৱহাৰ কৰা হৈছিল আৰু এইদৰে হেকার্চে এ টি এম মেচিনৰ পৰা ৯.৬০ লাখ টকা অন্তর্ধান কৰে।

এক্সিছ বেংকে বিয়লিবেলা যেতিয়া এ টি এমৰ ধনৰ হিচাপ-নিকাচ কৰিছিল, তেতিয়া হিচাপ মিলা নাছিল। ইয়াৰ পাছতে ঘটনাৰ সন্দৰ্ভত তদন্ত চলােৱা হৈছিল। তদন্তত চাইবাৰ অপৰাধ শাখাই এ টি এমত হেকাৰে আক্ৰমণ কৰাৰ তথ্য নিশ্চিত কৰে।

মেলৱেৰ ছফটৱেৰ ব্যৱহাৰ কৰি হেকাছে উক্ত এ টি এমৰ পৰা ৯.৬০ লাখ টকাৰ হিচাপ-নিকাচ খেলিমেলি কৰাৰ তথ্য অনুসন্ধানত পােহৰলৈ আহিছে। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অজ্ঞাত পৰিচয় ব্যক্তিৰ বিৰুদ্ধে এক গােচৰ ৰুজু কৰিছে।

উল্লেখ্য যে কিছুদিন পূর্বে গাজিয়াবাদৰ নন্দগ্রামত থকা এক্সিছ বেংকৰ আন এটা এ টি এমতাে হেকাছে ১৭.৫০ লাখ টকা হেক কৰি নিছিল। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, একেটা হেকাৰ্ছৰ দলে এইবাৰ নয়ডাত এই চাইবাৰ
অপৰাধ সংঘটিত কৰিলে।

Exit mobile version