বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী হাগ্ৰমা মহিলাৰীৰ শহুৰেক বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন

WhatsApp Image 2021 07 01 at 6.28.28 PM 1

বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ শহুৰেক তথা ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ মুনমুন ব্ৰহ্মৰ পিতৃ বিশিষ্ট শিক্ষাবিদ বাতেন্দ্ৰ নাথ ব্ৰহ্মৰ দেহাৱসানত অঞ্চলটো এক শোকৰ ছাঁ পৰিছে । দীৰ্ঘ দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল ব্ৰহ্ম ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১বছৰ ।

প্ৰয়াত বাতেন্দ্ৰ নাথ ব্ৰহ্ম পৰ্বতঝোৰা মহকুমাৰ টিপকাই চাংবান্দা অঞ্চলৰ শিক্ষাৰ প্ৰসাৰ ঘটাবলৈ বহুকেইখন শিক্ষা প্ৰতিষ্ঠান আৰু কে’বাখনো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ উত্তোৰণৰ বাবে জন্ম লগ্নৰে পৰা জড়িত আছিল । প্ৰয়াত ব্ৰহ্মই পৰ্বতঝোৰা  অঞ্চলৰ চাংবান্ধা গাঁৱত জন্মগ্ৰহণ কৰি পিছত কটন কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰে ।

শৈক্ষিকভাৱে অঞ্চলটোৰ শিক্ষা বিস্তাৰৰ বাবে টিপকাই হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল আৰু সেইখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা অৱসৰ গ্ৰহণ কৰে । প্ৰয়াত ব্ৰহ্ম  বৰ্তমান পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পৰা বিপিএফ দলৰ নিৰ্বাচিত এম চি এল এ মুনমুন ব্ৰহ্মৰ পিতৃ ।

বিভিন্ন সমাজিক তথা ৰাজনৈতিক দল সংগঠনৰ লগত জড়িত প্ৰয়াত ব্ৰহ্মৰ মৃত্যুত বিভিন্ন দলৰ সংগঠনৰ লগতে অঞ্চলবাসী ৰাইজে গভীৰ শোঁক প্ৰকাশ কৰে । আজি তেওঁৰ শেষকৃত্য নিজা গাঁও চাংবান্ধাত অনুষ্ঠিত হয় । প্ৰয়াত ব্ৰহ্মৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকাকূল পৰিৱেশ বিৰাজ কৰে ।

আজি শেষকৃত্য অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ লগতে অসংখ্য গুনমুগ্ধ উপস্থিত থাকে ।

Exit mobile version