ভাৰতত পুৰুষৰ তুলনাত টিকাগ্রহণত পিছ পৰি আছে মহিলা

118797668 gettyimages 1233251808

ভাৰতত যােৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিডৰ প্রতিষেধক প্রদান অভিযান আৰম্ভ হৈছিল। কিন্তু প্রকাশিত তথ্য অনুসৰি, দেশত কৰ’নাৰ প্রতিষেধক গ্রহণৰ ক্ষেত্ৰত পিছ পৰি আছে মহিলাসকল।

চৰকাৰী পৰিসংখ্যাৰ তথ্যত প্রকাশ পােৱা মতে, দেশত পুৰুষৰ তুলনাত মহিলাসকলে তিনি কোটি পালি প্রতিষেধক কমকৈ লাভ কৰিছে। যােৱা ১৬ জানুৱাৰীৰ পৰা বুধবাৰলৈকে ভাৰতত মুঠ ১৪.৯৯ কোটি মহিলাই ক’ভিডৰ টিকা গ্রহণ কৰিছিল।

আনহাতে, এই একে সময়ছােৱাত দেশত ক’ভিডৰ প্রতিষেধক লাভ কৰিলে ১৭.৮ কোটি পুৰুষে। তদুপৰি তৃতীয় লিংগৰ ৫৪,৬৯৩ জন লােকেও এই সময়ছােৱাত দেশত ক’ভিড প্রতিষেধক লাভ কৰিলে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্যত প্রকাশ পােৱা মতে, পুৰুষৰ তুলনাত ভাৰতত ক’ভিড প্রতিষেধক কমকৈ মহিলাই লাভ কৰাৰ মূল কাৰণটো হৈছে ১৬ জানুৱাৰীত যেতিয়া দেশত ক’ভিড টিকাকৰণ আৰম্ভ কৰা হৈছিল, সেই সময়ত গৰ্ভৱতী আৰু স্তনপান কৰােৱা মহিলাক টিকাকৰণৰ পৰা বাদ দিয়া হৈছিল।

ঋতুস্ৰাৱ হােৱা মহিলাই প্রতিষেধক লােৱা অনুচিত বুলি আৰম্ভণিতে এক অপপ্ৰচাৰ চলিছিল আৰু ইয়াৰ ফলতাে মহিলাসকলে টিকাগ্ৰহণৰ ক্ষেত্ৰত আৰম্ভণিতে অনিহা প্রকাশ কৰিছিল। এনেবােৰ কাৰণতে ভাৰতত ক’ভিডৰ টিকাকৰণত মহিলাসকল কিছু পিছপৰি হ’ল বুলি স্বাস্থ্য মন্ত্রণালয়ে কাৰণ দর্শাইছে।

Exit mobile version