ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ সন্ধানহীন কিশোৰী

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলৰ পৰা উদ্ধাৰ হোজাইৰ এগৰাকী সন্ধানহীন কিশোৰী । ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা সাহজালাল খন্দকাৰৰ পুত্ৰ আজিজুল হক খন্দকাৰ নামৰ যুৱকজনে কেইদিনমান পূৰ্বে পলুৱাই আনিছিল হোজাইৰ ১৭ বছৰীয়া কিশোৰীগৰাকীক।

তাৰ পাছতেই কিশোৰীগৰাকীৰ পৰিয়ালে কাষ চাপিছিল হোজাই আৰক্ষী আৰু শিশু সুৰক্ষা আয়োগৰ । সেইমতে ধুবুৰী শিশু সুৰক্ষা আয়োগৰ এটা দলে অভিযান আৰম্ভ কৰে । আজি ধুবুৰীৰ শিলঘাগৰী অঞ্চলৰ আজিজুল হক খন্দকাৰৰ ঘৰৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ সক্ষম হয় ধুবুৰী শিশু সুৰক্ষা আয়োগে ।

ইপিনে কিশোৰীগৰাকীক ফুচলাই বহিঃৰাজ্যৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল বুলিও বিস্ফোৰক তথ্য উদঘাটন কৰিছে ধুবুৰী শিশু সুৰক্ষা আয়োগে । এতিয়া পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত গোচৰ তৰিলে আজিজুল হক খন্দকাৰ নামৰ যুৱক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় ধুবুৰী শিশু সুৰক্ষা আয়োগে ।

Exit mobile version