মনে মনে আছো, কিন্তু সীমা অতিক্ৰম কৰিলে ভাল নহ’ব, বিক্ষোভকাৰী কৃষকসকলক সতৰ্কবাণী খট্টৰৰ

Farmers Protest PTI29 11

বিগত ছমাহৰো অধিক সময় ধৰি চলি থকা নতুন কৃষি আইনৰ বিৰুদ্ধে হোৱা আন্দোলনক লৈ পোনপটীয়া সতৰ্কবাণী জাৰি কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে । বুধবাৰে তেওঁ কয়, “কৃষকৰ বিক্ষোভ প্ৰতিবাদৰ সন্মুখত ৰাজনৈতিক নেতাসকল নীৰৱ হৈ আছে ঠিকেই, কিন্তু সীমা অতিক্ৰম কৰাটো ভাল নহ’ব ।”

বুধবাৰে গাজীপুৰৰ কাষত দিল্লী উত্তৰপ্ৰদেশ-দিল্লী সীমান্তত থকা প্ৰতিবাদী কৃষকসকলৰ লগত স্থানীয় বিজেপি নেতাসকলৰ সংঘৰ্ষ হয় ।

এই সন্দৰ্ভত খট্টৰে এইদৰে কয়, “কিষাণ শব্দটো অতি পৱিত্ৰ । কিন্তু কিছুমান দুৰ্ভাগ্যজনক ঘটনাৰ বাবে, শব্দটোৰ অৰ্থ আজি সলনি হৈছে । মাতৃ আৰু ভগ্নীসকলক হাৰাশাস্তি কৰা হৈছে । হত্যা কৰা হৈছে । পথ অৱৰোধ কৰা । মই এনে অগণতান্ত্ৰিক ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছো ।”

কৃষক আন্দোলনৰ বাবে হাৰিয়ানাত খট্টৰ চৰকাৰ যথেষ্ট চাপত আছে । বিজেপি নেতাসকলক গাঁৱত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাতৰিও আগতে প্ৰকাশ পাইছে । সেই সন্দৰ্ভত খট্টৰে কয়, “আমি শান্তি অটুট ৰাখিছো । তথাপিও তেওঁলোকে আমাক ভাবুকি দি আছে । মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীয়ে ক’তো যাব পৰা নাই । তেওঁলোকে আমাক সৈমান কৰিছিল কিন্তু আমি নীৰৱ কাৰণ তেওঁলোকো এই ৰাজ্যৰ মানুহ । কিন্তু যদি কোনোবাই সীমা অতিক্ৰম কৰে তেন্তে ভাল নহ’ব ।”

Exit mobile version