শিশুৰ শৰীৰত ক’ভাভেক্স পৰীক্ষণত নিষেধাজ্ঞা জাৰি কৰিলে কেন্দ্ৰই

COVID19 Vaccine RepresentativeImage 310521 1200 0

দুইৰ পৰা ১৭ বছৰ বয়সৰসকলৰ শৰীৰত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভাভেক্স প্ৰতিষেধকৰ পৰীক্ষণৰ অনুমতি প্ৰদান নকৰিলে কেন্দ্ৰীয় ড্ৰাগ নিয়ন্ত্ৰক সংস্থাৰ বিশেষজ্ঞ কমিটিয়ে ।

সোমবাৰে ছেৰাম ইনষ্টিটিউটে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ৰ পৰা দুইৰ পৰা ১১ বছৰ বয়সৰ ৪৬০জন আৰু ১২ৰ পৰা ১৭ বছৰ বয়সৰ ৪৬০জনৰ ওপৰত ক’ভাভেক্সৰ পৰীক্ষণ কৰিবৰ বাবে অনুমতি বিচাৰিছিল । সূত্ৰ অনুসৰি, কেন্দ্ৰৰ বিশেষজ্ঞ কমিটিয়ে অনুমতি দিবলৈ অস্বীকাৰ কৰিছে । তেওঁলোকে জনায় যে, এই পৰ্যন্ত কোনো দেশে এই প্ৰতিষেধকক মান্যতা দিয়া নাই । ছেৰামক নিৰ্দেশ দিয়া হৈছে, আগতে ১৮ৰ ঊৰ্ধ্বৰসকলৰ শৰীৰত প্ৰতিষেধকৰ পৰীক্ষণৰ প্ৰভাৱ বিস্তাৰিতভাৱে জনাব লাগিব । তাৰ পাছতহে তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব ।

ক’ভাভেক্সক অনুমতি প্ৰদান কৰিলে ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু জাইডাছ কেডিলাৰ জাইক’ভ ডি-ৰ পাছত তৃতীয় প্ৰতিষেধক হিচাপে শিশুসকলৰ শৰীৰত ইয়াৰ পৰীক্ষণ কৰিবলগীয়া কথা আছিল ।

আমেৰিকাৰ সংস্থা ন’ভাভেক্সেৰ সতে যুটীয়াভাৱে ক’ভাভেক্স তৈয়াৰ কৰিছে ছেৰামে । মাৰ্চত ছেৰামৰ চিফ এগজিকিউটিভ অফিচাৰ (চিইঅ’) আদাৰ পুনাৱালাই জনাইছিল, ছেপ্টেম্বৰৰ পৰা প্ৰাপ্তবয়স্ককলৰ শৰীৰত এই প্ৰতিষেধকৰ ব্যৱহাৰ কৰা হ’ব । তাৰ পাছতহে শিশুসকলৰ শৰীৰত এই প্ৰতিষেধক ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছে ছেৰামে ।

Exit mobile version