চৰকাৰ সলনি কৰাৰ ক্ষমতা থকাৰ অৰ্থ স্বৈৰশাসনৰ পৰা মুক্তি নহয় : মুখ্য ন্যায়াধীশ

ramana new

ভোটদানৰ কৰি চৰকাৰ সলনি কৰাৰ ক্ষমতা থকা মানেই যে স্বৈৰতন্ত্ৰৰ পৰা মুক্ত হ’ব তাৰ কোনো নিশ্চয়তা নাই । এই কথা জনালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে । তেওঁ লগতে কয় যে সমালোচনা আৰু প্ৰতিবাদ গণতন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ।

বুধবাৰে এটা অনুষ্ঠানত ৰমেনে এই মন্তব্য কৰে । তেওঁ কয়, “এটা কথা স্পষ্ট যে প্ৰতি কেইবছৰমানৰ পাছত ভোটদান কৰি শাসন পৰিৱৰ্তন কৰাৰ ক্ষমতা থকাৰ অৰ্থ স্বৈৰশাসনৰ পৰা মুক্তি নহয় ।”

সৱল গণতন্ত্ৰ চলোৱাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে মানুহ । সেয়েহে, গণতন্ত্ৰ সঠিকভাৱে অটুট ৰাখিবৰ বাবে মানুহৰ স’তে বাৰ্তালাপ অতি গুৰুত্বপূৰ্ণ। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বা চৰকাৰক সমালোচনা কৰাটোও গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান ।”

ৰমনে তেওঁৰ ভাষণত স্বাধীনতাপূৰ্ব আৰু স্বাধীনতাৰ পাছৰ ভাৰতৰ ওপৰত আলোকপাত কৰে । তেওঁ শাসনৰ দুটা সময়ৰ মাজৰ পাৰ্থক্যৰ ওপৰতো আলোকপাত কৰিছিল । “এখন স্বাধীন দেশত গণতন্ত্ৰৰ অন্যতম ভেটি হৈছে আইনী ব্যৱস্থা। সেয়া আমি অনুসৰণ কৰিব লাগিব ।”

Exit mobile version