ক’ভিড বিধি উলংঘনৰ ফলত উত্তৰ কোৰিয়াত সংকট : স্বীকাৰ কীমৰ

119116431 ccf2f912 ee13 409d a0d9 5e0dc63883a2

ইমানদিনে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে তেওঁৰ দেশত এজনাে ক’ভিড-১৯ আক্রান্ত ৰােগী নাই। বুলি দাবী কৰি আহিছিল। কিন্তু সেইজন কীমে অৱশেষত স্বীকাৰ কৰিলে যে ক’ভিড বিধি উলংঘনৰ ফলত উত্তৰ কোৰিয়াত সম্প্রতি ভয়াৱহ সংকটৰ সৃষ্টি হৈছে।

দেশৰ সম্প্রতি জটিল পৰিস্থিতিৰ বাবে ক’ভিড বিধি উলংঘনক দোষাৰােপ কৰি ইয়াৰ বাবে স্বেচ্ছাচাৰী শাসকজনে দেশখনৰ নিৰাপত্তা বাহিনীক জগৰীয়া কৰিলে। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমত বুধবাৰে এক প্রতিবেদন প্রকাশ পাইছিল আৰু এই প্রতিবেদনতে দেশৰ সাম্প্রতিক সংকটৰ কথা স্বীকাৰ কৰিলে কীমে।

অৱশ্যে সংকটৰ সন্দৰ্ভত অধিক তথ্য চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা নাই। এই প্রতিবেদনত কেৱল কোৱা হৈছে। যে দলৰ নীতি প্রণয়নত আৰু বৈপ্লৱিক কামৰ উন্নয়নত কৃত্রিমভাৱে বাধা সৃষ্টি কৰিছে নিৰাপত্তা বাহিনীৰ দায়িত্বজ্ঞানহীনতা আৰু অযােগ্যতাই। ক’ভিড নাই বুলি পূর্বে দাবী কৰিলেও কীমে দেশজুৰি তলাবন্ধ ঘােষণা কৰাৰ লগতে চীন সীমান্তও দীর্ঘদিন ধৰি বন্ধ কৰি ৰাখিছে।

ইয়াৰ ফলত উত্তৰ কোৰিয়াত ভয়াৱহ খাদ্য সংকটে দেখা দিছে। এনে পৰিস্থিতিতে অৱশেষত পৰােক্ষভাৱে কীমে উত্তৰ কোৰিয়াত ক’ভিডৰ সংক্ৰমণৰ কথা স্বীকাৰ কৰিলে।

Exit mobile version