চীনক মেলেৰিয়ামুক্ত ঘােষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

বছৰি তিনি কোটি আক্রান্ত, তিনি লাখৰ মৃত্যুৰ পাছত এতিয়া সংক্রমণশূন্য

354db147 2a4a 4bd4 896f cb63b2a45db8

অৱশেষত মেলেৰিয়ামুক্ত হ’ল চীন। ইয়াৰ বাবে দেশখনে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্রমাণপত্রও লাভ কৰিছে। প্রায় সাতটা দশকৰ প্ৰচেষ্টাৰ অন্তত চীনে নিজক মেলেৰিয়াৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ল।

মেলেৰিয়া ৰােধৰ বাবে ঔষধ, কঠোৰ দৃষ্টি তথা মানুহৰ আৰু পৰজীৱীৰ স’তে এন’ফিলিচ মহৰ সংক্রমণ শৃংখল ভাঙিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিয়েই দেশখনে মেলেৰিয়াৰ দৰে ৰােগ
সম্পূর্ণৰূপে দূৰ কৰিলে।

উল্লেখ্য যে বিগত শতিকাৰ চাৰিৰ দশকত চীনত প্রতি বছৰে প্রায় তিনি কোটি লােক মেলেৰিয়াত আক্ৰান্ত হৈছিল। আনকি দেশখনত প্রতি বছৰে প্রায় তিনি লাখ আক্রান্তৰ মৃত্যুও হৈছিল।

সেই পৰিস্থিতিৰ পৰাই চীনে মেলেৰিয়াৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিছিল।এই সংগ্রামৰ ফলশ্রুতিতে দেশখনত ২০১৭ পৰা কোনাে লােক মেলেৰিয়াত আক্রান্ত হােৱা নাই। মেলেৰিয়ামুক্ত চীন গঢ়াৰ উদ্যোগ আৰম্ভ হৈছিল ১৯৫০ৰ পৰা।

ইয়াৰ বাবে কিছুমান কাম নিৰন্তৰভাৱে কৰি আহিছিল বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশখনে। দেশখনত যিসকলৰ মেলেৰিয়া হােৱাৰ আশংকা আছে,তেওঁলােকৰ মাজত এন্টি-মেলেৰিয়া ঔষধ বিতৰণ কৰা হৈছিল।

মহৰ প্রজনন ক্ষেত্র সৃষ্টি হ’বলৈ নিদিয়া, মহৰ বৃদ্ধি ৰােধত কীটনাশক সিঁচা আদি কামবােৰ নিয়মিতৰূপে কৰিছিল চীনে। ছয়ৰ দশকত দেশখনৰ ৰসায়নবিদ থু ইউইউয়ে ৱার্মউড (আর্টেমিছিয়া এনুৱা)ৰ পৰা আর্টিমিছিনিন (মেলেৰিয়া প্ৰতিৰােধী ঔষধ) নিষ্কাষণ কৰিবলৈ সক্ষম হৈছিল।

মেলেৰিয়া প্ৰতিৰােধত চীনে এই উপাদান কামত লগাইছিল। ২০১৫ত মেলেৰিয়াৰ ঔষধ আৱিষ্কাৰৰ বাবে তেওঁ নবেল বঁটা পায়। এইদৰে দশকৰ পাছত দশক ধৰি সুপৰিকল্পিতৰূপে সংগ্রাম অব্যাহত ৰখাৰ সুফলৰূপে নৰ দশকত দেশখনত মেলেৰিয়াত বছৰি আক্ৰান্তৰ সংখ্যা পাঁচ হেজাৰলৈ হ্রাস পায়।

চীনে মেলেৰিয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভৰ বাবে ‘১-৩-৭’ কৌশল ৰূপায়ণ কৰিছিল। সেয়া আছিল এদিনৰ ভিতৰত চিহ্নিতকৰণ, তিনিদিনৰ ভিতৰত তদন্ত আৰু সাতদিনৰ ভিতৰত বিপৰীত ব্যৱস্থা।

এই পথত আগবাঢ়ি গৈয়ে বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশখনে মেলেৰিয়া নির্মূল কৰিবলৈ সক্ষম হয়। অৱশ্যে চীনৰ পূর্বে ‘হু’ৱে ২০১৯ত আলজেৰিয়া আৰু আর্জেন্টিনাক মেলেৰিয়ামুক্ত ঘােষণা কৰিছিল।

Exit mobile version