ছলিচিটৰ জেনেৰেলৰ অপসাৰণ বিচাৰি প্ৰধানমন্ত্ৰীক প‌ত্ৰ প্ৰেৰণ কৰিলে তৃণমূল কংগ্ৰেছে

suvendu adhikari horz

দিল্লীত সুভেন্দু অধিকাৰীৰ স’তে বৈঠকত মিলিত হোৱাৰ অভিযোগত ছলিচিটৰ জেনেৰেল পদৰ পৰা তুষাৰ মেহতাৰ অপসাৰণ বিচাৰিলে তৃণমূল কংগ্ৰেছে । শুকুৰবাৰে তৃণমূলৰ তিনিজন সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই দাবী জনায় পত্ৰ প্ৰেৰণ কৰে ।

ADVERTISEMENT

অভিযোগ, বৃহস্পতিবাৰে দিল্লীত তুষাৰৰ বাসভৱনত তেওঁৰ স’তে বৈঠকত মিলিত হৈছিল ৰাজ্যৰ বিৰোধী দলনেতা সুভেন্দু । তৃণমূলৰ দাবী, নাৰদ আৰু সাৰদা গোচৰৰ অন্যতম অভিযুক্ত সুভেন্দু । কেন্দ্ৰীয় সংস্থা চিবিআই আৰু ইডি-য়ে এই গোচৰৰ তদন্ত কৰিছে । আনহাতে, নাৰদা গোচৰত চিবিআই-ৰ অধিবক্তা তুষাৰ । প্ৰধানমন্ত্ৰীক তৃণমূলৰ সদস্যই প্ৰশ্ন কৰে, ‘এনে এজন অভিযুক্তৰ স’তে ছলিচিটৰ জেনেৰেলে কেনেদৰে বৈঠকত মিলিত হ’ব পাৰে ?’ সুভেন্দু আৰু তুষাৰ দুয়োজনে শুকুৰবাৰে জনায়, দিল্লীত তেওঁলোকে বৈঠকত মিলিত হোৱা নাই ।

ৰাজ্যসভাৰ ডেৰেক অ’ব্ৰায়েন আৰু সুখেন্দুশেখৰ ৰায়, লোকসভাৰ মাহুৱা মৈত্ৰ‌ই পত্ৰত লিখে, ‘নাৰদ কাণ্ডত গোপন কেমেৰা অভিযানত সুভেন্দুক টকা লৈ থকা দেখা গৈছে ।’ লগতে তেওঁলোকে জনায়, ‘সাৰদা কাণ্ডৰ মূল অভিযুক্ত সুদীপ্ত সেনে প্ৰত্যক্ষভাৱে সুভেন্দুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ তুলিছে ।’

প্ৰধানমন্ত্ৰীক তিনি সাংসদে লিখে, ‘এটৰ্নি জেনেৰেলৰ পাছতেই কেন্দ্ৰৰ দ্বিতীয় সৰ্বোচ্চ আইনী বিষয়া হ’ল ছলিচিটৰ জেনেৰেল । বৰ্তমান ছলিচিটৰ জেনেৰেলৰ হাতত একাধিক গুৰুত্বপূৰ্ণ গোচৰৰ দায়িত্ব আছে ।’ ইয়াৰ পাছতেই তুষাৰ-সুভেন্দুৰ বৈঠকৰ প্ৰসংগ উত্থাপন কৰি তেওঁলোকে মন্তব্য কৰে, ‘প্ৰভাৱ কম কৰিবৰ বাবে এনেধৰণৰ বৈঠক অনুষ্ঠিত কৰাৰ যথেষ্ট আশংকা আছে ।’ এনে পৰিস্থিতিত বিচাৰ প্ৰক্ৰিয়াৰ ‘স্বচ্ছতা আৰু নিৰপেক্ষতা’ অটুট ৰাখিবৰ বাবে তুষাৰক অপসাৰণ কৰিব লাগে বুলি জনায় তেওঁলোকে ।

Exit mobile version