দুৰ্ঘটনাত স্বামীক হেৰুৱাই পাঁচ কণমানিক বুকুত সাৱটি জীৱন সংগ্ৰাম বজালী জিলাৰ তিতকাৰ মনিকা চৌধুৰীৰ 

দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস 

WhatsApp Image 2021 07 02 at 7.04.13 PM

বজালী জিলাৰ তিতকা গাঁৱত এটি পৰিয়ালৰ কৰোঁ গাঁথা । দুৰ্ঘটনা সংঘটিত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছত পাঁচ কণমানি সন্তানক বুকুত সাৱটি নিজৰ জীৱন সংগ্ৰাম চলাইছে দুৰ্ভগীয়া মনিকা চৌধুৰীয়ে।

ই-ৰিক্সা চলাই নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া স্বামী ধৰ্মেন্দ্ৰ চৌধুৰীৰ যোৱা ২৮ মে’তাৰিখে সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যু ঘটে। স্বামীৰ মৃত্যুৰ পাছৰে পৰাই পাঁচ কণমানিক বুকুত সাৱটি পৰিয়ালটো পোহ-পাল দি আছে মনিকাই।

স্বামীৰ মৃত্যুৰ পাছৰে পৰা ঘোৰ অমানিশা নামি আহিছে পৰিয়ালটোলৈ। চকু পানীৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া মনিকাৰ।বিভিন্নজনৰ সহায় সহযোগিতাৰে নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া মনিকা চৌধুৰীৰ দুৰ্দশা কথা অৱগত হৈ আজি পৰিয়ালটোৰ কাষত উপস্থিত মন্ত্ৰী তথা পাটাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাস ।

পৰিয়ালটোৰ কাষত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোৰ দুৰৱস্থা কথা বুজ লয়। পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী অৱাস যোজনাৰ জৰিয়তে এটি গৃহ লাভ কৰিছিল যদিও টকাৰ অভাৱত সম্পূৰ্ণ কৰিব নোৱাৰিলে ঘৰটো ।

প্লাষ্টিকৰ চালেৰে এটি সৰু পাকঘৰ বনাইছিল যদিও বৰষুণ আহিলে পানী সৰকি পৰে । ইপিনে উজলা আঁচনিৰ গেছ লাভ কৰিছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে ছিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰে । পৰিয়ালটোৰ এই দুৰ্ভিসহ জীৱন নিজ চকুৰে প্ৰত্যক্ষ কৰি ৰনজিৎ দাসে মনিকা চৌধুৰীৰ হাতত তুলি দিয়ে কিছু আৰ্থিক সাহাৰ্য্য ।

ভৱিষ্যতৰ দিনত পৰিয়ালটোৰ ক্ষেত্ৰত সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে মন্ত্রী ৰনজিৎ দাসে ।

Exit mobile version