দুৰ্নীতিৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড সমাপ্ত, মুক্তি পালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌটালাই

chandigarh 1624425825

হাৰিয়ানাত শিক্ষক নিয়োগ দুৰ্নীতি গোচৰত দোষী সাব্যস্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌটালাই মুক্তি লাভ কৰিলে । ১০ বছৰৰ কাৰাদণ্ডৰ ম্যাদ শুকুৰবাৰে সমাপ্ত হৈছে । ইণ্ডিয়ান নেচনেল লোকদল (আইএন‌এলডি)ৰ প্ৰধান চৌটালাক আগতেই বয়স আৰু স্বাস্থ্যৰ বাবে পেৰোলত মুক্তি দিয়া হৈছিল । মুক্তিৰ সময়ত দিল্লী-হাৰিয়ানা সীমান্তত চৌটালাই কৈছিল, ‘দুখীয়া আৰু কৃষকসকলৰ স্বাৰ্থত মোৰ যুঁজ অব্যাহত থাকিব ।’

শুকুৰবাৰে তিহাৰ কাৰাগাৰত গৈ আইনী অনুষ্ঠানিকতাৰ সামৰণি মাৰে ৮৬ বছৰীয়া জাট নেতা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা সহ-শাস্তিপ্ৰাপ্ত অজয়ে । ইয়াৰ পাছত কাৰাগাৰৰ কৰ্তৃপক্ষই জনায়, দিল্লী চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি তেওঁলোকক মুক্তি দিয়া হৈছে ।

২০০০ত হাৰিয়ানাত জুনিয়ৰ বেছিক শিক্ষক পদত নিয়ম বহিৰ্ভূতভাৱে তিনি হেজাৰ ২১৬জনক নিয়োগ কৰা হৈছিল । ২০০৮ত এই গোচৰত দোষী সাব্যস্ত হৈছিল চৌটালা । চিবিআই-য়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছিল । ২০১৩ত দিল্লী ন্যায়ালয়ে চৌটালা আৰু তেওঁৰ পুত্ৰ অজয় সিঙ চৌটালাক ১০ বছৰৰ কাৰাদণ্ড দিয়ে । লগতে আৰু ৫৩ জনক শাস্তি বিহা হৈছিল ।

পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়েও প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱীলালৰ পুত্ৰ চৌটালা আৰু নাতি অজয়ক এই গোচৰত দোষী সাব্যস্ত কৰে । ২০১৭ত কাৰাগাৰৰ পৰাই তেওঁ ‘নেছনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং’ (এন‌আইঅ’এছ)ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয় । ২০১৪ৰ লোকসভা ভোটৰ সময়ত অভিযোগ উত্থাপিত হৈছিল যে, স্বাস্থ্যজনিত কাৰণত পেৰোলত মুক্তি লাভ কৰি লোকসভা ভোটত প্ৰচাৰ কৰিছে চৌটালাই ।

বিগত কিছু বছৰত হাৰিয়ানা ৰাজনীতিত প্ৰাসংগিকতা হেৰুৱাইছে আইএন‌এলডি-য়ে । চৌটালাই তেওঁৰ অনুপস্থিতিত দল পৰিচালনাৰ দায়িত্ব দিছিল তেওঁৰ কনিষ্ঠ পুত্ৰ অভয়ক । কিন্তু অজয়ৰ পুত্ৰ দুষ্মন্ত‌ই পৃথক দল ‘জননায়ক জনতা পাৰ্টী’ (জেজেপি) গঠন কৰি বিজেপিৰ স’তে জোঁটবন্ধন কৰি হাৰিয়ানাৰ উপমুখ্যমন্ত্ৰী হয় ।

Exit mobile version