বজালীৰ বতিয়ামাৰীত শোচনীয় যাতায়ত ব্যৱস্থা, পথত ভূঁই ৰুই প্ৰতিবাদ স্থানীয় মহিলাৰ

WhatsApp Image 2021 07 02 at 6.30.14 PM

বাগ্‌সাৰ সমীপৱৰ্তী বজালী জিলাৰ অন্তৰ্গত বতিয়ামাৰী গাঁৱত বাট-পথৰ কদৰ্য্য অৱস্থাই বাৰুকৈয়ে জ্বলাকলা খুৱাইছে গাঁওবাসীক ৷ সংশ্লিষ্ট কতৃপক্ষই বছৰ বছৰ ধৰি বাট-পথৰ উন্নয়নত কোনো গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ বোকা-পানীৰে কদৰ্য ৰূপ লোৱা পথত আজি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাই ৷

উল্লেখযোগ্য যে পাটাছাৰকুছি সমষ্টিৰ ১২৮ নং বাঘমাৰা গাঁও পঞ্চায়তৰ বতিয়ামাৰীৰ গাঁওবাসীয়ে বিগত বহু বছৰ ধৰি গাঁওখনৰ এছোৱা পথৰ বাবে বাৰিষা জ্বলাকলা খাই আহিবলগীয়া হৈছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি বাঘমাৰা গাঁও পঞ্চায়তৰ উপৰি কোনো জনপ্ৰতিনিধিয়েই পথছোৱাৰ উন্নয়নৰ নামত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ আনকি গাঁও পঞ্চায়তৰ বিষয়ববীয়াক এই ক্ষেত্ৰত অৱগত কৰাত ওলোটাই ভেঙুচালিহে কৰাৰ অভিযোগ পোৱা গৈছে ৷

আনহাতে, ২০১৫ৰ পাছত আজি পৰ্যন্ত পথছোৱা মেৰামতি কৰি গাঁওবাসীক সকাহ দিয়াৰ বাবে বিভাগীয় কোনো কতৃপক্ষ‌ই ব্যৱস্থা হাতত নল’লে ৷ উল্লেখযোগ্য যে পাটাছাৰকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁক এই ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে গাঁওবাসীয়ে আহ্বান জনাইছে ৷

গাঁওবাসীৰ বাট-পথৰ সমস্যা দূৰীকৰণত বিধায়ক তথা মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় বতিয়ামাৰী গাঁওবাসীয়ে ৷

Exit mobile version