আফগানিস্তানত পুনৰ তালিবানৰাজ : একাধিক নিষেধাজ্ঞা আৰােপ

মহিলাক অকলে বাহিৰলৈ ওলােৱাত নিষেধাজ্ঞা, পুৰুষে ৰাখিব লাগিব দাড়ি

b739758b805049c4b38fe4574c41dcf9 superJumbo

আফগানিস্তানৰ পৰা আমেৰিকাই সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে দেশখনত পুনৰ সক্রিয় হৈ উঠিছে। তালিবান সন্ত্রাসবাদী।

ইতিমধ্যে দেশখনৰ বিভিন্ন অঞ্চলত তালিবানে একাধিক আক্রমণ সংঘটিত কৰাৰ পাছত এইবাৰ তালিবানে আফগানিস্তানৰ ৮০ শতাংশ জিলা নিজৰ দখলত থকা বুলি দাবী কৰিলে।

তালিবানৰ দখল বৃদ্ধিৰ লগে লগে সন্ত্রাসবাদী সংগঠনটোৱে আফগানিস্তানত পুনৰ বিভিন্ন তালিবানী নিয়ম প্রৱর্তনৰ কথা ঘােষণা কৰিলে। তালিবানে নিজৰ দখল থকা উত্তৰ-পূবৰ তখাৰ প্ৰদেশত মহিলাসকলক অকলে ঘৰৰ বাহিৰলৈ ওলােৱাত নিষেধাজ্ঞা আৰােপ কৰিলে।

তদুপৰি তালিবানৰ নির্দেশ অনুসৰি এই প্রদেশত বাস কৰা সকলাে পুৰুষে মুখত দাড়ি দীঘলকৈ ৰাখিব লাগিব । পাকিস্তানৰ পৰা প্রকাশিত ‘দ্য নিউজ’ সংবাদপত্ৰত মানৱাধিকাৰ কৰ্মীৰ উদ্ধৃতিৰে পৰিবেশন কৰা এক বাতৰিত উল্লেখ কৰা অনুসৰি, তালিবানে বিবাহৰ যুৱতীৰ স’তে যৌতুকদানৰ সন্দৰ্ভতাে নতুন নিয়ম বলৱৎ কৰিছে।

পুৰুষৰ অবিহনে মহিলাসকলক উক্ত অঞ্চলত ঘৰৰ বাহিৰলৈ নােলাবলৈ তালিবানে নির্দেশনা জাৰি কৰাৰ লগতে অন্যথা শাস্তি বিহা হ’ব বুলিও ঘােষণা কৰিছে। উল্লেখ্য যে পূর্বতেও তালিবানৰ দপদপনিৰ সময়ত আফগানিস্তানত সন্ত্রাসবাদী সংগঠনটোৱে একাধিক মানৱাধিকাৰ বিৰােধী নিয়ম-নীতি বলৱৎ কৰিছিল।

Exit mobile version