এন্টার্কটিকাৰ তাপমাত্রা ১৮.৩ ডিগ্রীলৈ বৃদ্ধি, বৰফ গলাৰ ফলতে বাঢ়িছে বিপদৰ আশংকা

antarctica ice pine island glacier

ক্রমান্বয়ে বৃদ্ধি পাই আছে মেৰু অঞ্চলৰ তাপমাত্রা। যাৰ ফলতে সম্প্রতি বৃদ্ধি পাইছে আশংকা। ২০২০ ছয় ফেব্ৰুৱাৰীত এন্টার্কটিকাত সর্বোচ্চ তাপমাত্রা ১৮.৩ ডিগ্রী চেলছিয়াচলৈ বৃদ্ধি পাইছিল। সেয়া এক অভিলেখ।

ইয়াৰ পূর্বে উক্ত অঞ্চলত ইমান তাপমাত্রা বৃদ্ধি কেতিয়াও লক্ষ্য কৰা হােৱা নাছিল। আর্জেন্টিনাত অৱস্থিত গৱেষণা কেন্দ্রই এই তাপমাত্রা বৃদ্ধি লক্ষ্য কৰিছে বুলি সদৰী কৰিছে ৰাষ্ট্ৰসংঘই।

লগতে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা উদ্বেগাে প্ৰকাশ কৰা হৈছে। গােলকীয় উষ্ণতা ৰােধ কৰাৰ ক্ষেত্ৰত বৰফেৰে আবৰা পৃথিৱীৰ দুই মেরু অঞ্চলে মুখ্য ভূমিকা পালন কৰে। অথচ সেই স্থানতে এই হাৰৰ উষ্ণতা বৃদ্ধিয়ে নানা দিশৰ পৰা পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে।

আন্তর্জাতিক বতৰ বিজ্ঞান কার্যালয়ৰ কৰফৰ পৰা কোৱা হৈছে যে এই উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ দিশটো বুজাত সহায় কৰিব।

সমান্তৰালকৈ গােলকীয় উষ্ণতা ৰােধৰ শেষ অস্ত্র এই মেৰু অঞ্চলৰ পৰিস্থিতি কি হৈ আছে,সেয়াও বুজি পােৱাত সহায় কৰিব।২০১৫ৰ ২৪ মার্চত উক্ত বতৰ বিজ্ঞান কার্যালয়ৰ তৰফৰ পৰা এন্টার্কটিকাৰ তাপমাত্রা ১৭.৫ ডিগ্রী নির্ধাৰণ কৰা হয়।

ইয়াৰ আগলৈকে সেয়াই আছিল সর্বাধিক তাপমাত্রা। অৱশ্যে বৃহত্তৰ এন্টার্কটিকাৰ ক্ষেত্ৰত ১৯৮২ৰ ৩০ জানুৱাৰীত নির্ধাৰণ কৰা ১৯.৮৩ ডিগ্ৰীয়েই হৈছে সর্বোচ্চ।

তবিদসকলে জনােৱা মতে, পৃথিৱীৰ তাপমাত্রা ১৯ শতিকাৰ পাছৰ পৰা গড়ে এক ডিগ্রী চেলছিয়াচকৈ বৃদ্ধি পাই আছে। ফলত পৃথিৱীৰ বিভিন্ন অংশত খৰাং অৱস্থা বৃদ্ধি পােৱাৰ সমান্তৰালকৈ সাগৰৰ ঢৌও শক্তিশালী হৈ পৰিছে। সৃষ্টি হৈছে ঘূর্ণী ধুমুহা।

কিন্তু এন্টার্কটিকাৰ বায়ুৰ উষ্ণতা ইয়াৰ দ্বিগুণ হাৰত বৃদ্ধি পােৱা বুলিও তেওঁলােকে জনাইছে। বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে এই অংশত দুই ডিগ্রী চেলছিয়াচ গড় উচ্চতা বৃদ্ধিৰ ফলত পশ্চিম এন্টার্কটিক আৰু গ্রীণলেণ্ডত যি পৰিমাণৰ বৰফ গলিব, তাৰ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বহুখিনি বৃদ্ধি পাব পাৰে। তাৰ পৰা বিপদ অধিক বৃদ্ধি পাব।

Exit mobile version