কৃষি বিজ্ঞান কেন্দ্র কোকৰাঝাৰে বিতৰণ কৰিল ধানৰ বিধান

WhatsApp Image 2021 07 03 at 5.25.20 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধীনত থকা তেলীপাৰাস্থিত কৃষি বিজ্ঞান কেন্দ্রই আজি ধানৰ বিধান বিতৰণ কৰে।

শালি ধানৰ খেতি উন্নত কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্রই কৃষি আৰু গ্ৰাম্য পৰিবৰ্তন প্ৰকল্পৰ অধিনত বাৰিষা ঋতুত হোৱা ধানৰ বিধান কৃষকৰ মাজত বিতৰণ কৰে।

এই ধানৰ বিধানৰ ভিতৰত ৰঞ্জিত(এক) ৫৭০ কেজি , বাহাদুৰ(এক) ৩৩০ কেজি, স্বৰ্ণ (এক ) ৯০ কেজি। আনফালে উন্নত প্ৰজাতিৰ ধানৰ বিধানৰ মাজত কলা জহা ১৮০ কেজি, বকুল জহা ৩০ কেজি, চি আৰ সুগন্ধ ধান( ৯০৯ ) ১৫০ কেজি ধানৰ বিধান বিতৰণ কৰে।

উল্লেখ যে ইতিমধ্যে কোকৰাঝাৰ জিলাৰ ৯০ শতাংশ কৃষকে ধানৰ বিধান ৰোপন কৰিছে। কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্রই ইমান পলমকৈ ধানৰ বিধান বিতৰণ কৰা কাৰ্যক আশ্চর্য প্ৰকাশ কৰিছে কৃষি সচেতন মহলে।

Exit mobile version