গোলাঘাটত নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ, এসপ্তাহত কাৰ্যক্ষম হ’ব ১০খন বিচনাৰ আইচিইউ

৩০ খন বিচনাত অতিৰিক্তভাৱে কৰা হ'ব অক্সিজেনৰ ব্যৱস্থা

232766 keshab mahanta

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।

তেওঁ ক’ভিড-১৯ ৰ স্বাস্থ্যবিধি তথা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ক’ভিডবিৰোধী যুঁজখনত সফল হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

তেওঁ কয় যে গোলাঘাট জিলাখনক ক’ভিডমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব । জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে গৃহ আছুতীয়াকৰণত থকা লোকসকলে যাতে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

গৃহ আছুটীয়াকৰণৰ অনুমতি দিয়াৰ পাছতে যাতে সংশ্লিষ্ট ঘৰতো ছিল কৰাৰ ব্যৱস্থা কৰা হয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে ।

আনহাতে এসপ্তাহৰ ভিতৰতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান ১০ খন বিচনাযুক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ।

ইয়াৰোপৰি ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে জিলাখনত ১০ খন বিচনাৰ শিশুৰ আই চি ইউ কক্ষ নিৰ্মাণৰ কামো দুই এদিনতে আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় ।

বৈঠকত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে দুই/ তিনিদিনৰ ভিতৰতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিচনাৰ ক’ভিড কেয়াৰ কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব ।

বৈঠকত আলোচনামৰ্মে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ক বৰ্তমানৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় ।

মহন্তই কয় যে গোলাঘাট জিলাত ক’ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়া হৈছে । আজিৰ বৈঠকত সমগ্ৰ জিলাখনতে ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে নীতি-নিৰ্দেশনাসমূহ অধিক কঠোৰ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।

মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পাছত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৈঠকত কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰায়ো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় ।

তেওঁ এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ক’ভিড পৰীক্ষাত পজিটিভ ওলোৱা কোনো ৰোগীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে অথবা ক’ভিড বিধি উলংঘা কৰিলে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে ।

শুকুৰবাৰে বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

Exit mobile version