ডেল্টা প্ৰজাতিক প্ৰতিৰোধ কৰিব পাৰে ক’ভেক্সিনে, চূড়ান্ত পৰীক্ষণৰ ৰিপ’ৰ্ট

1593809007 1781

উপসৰ্গযুক্ত ক’ভিডৰ ক্ষেত্ৰত ৭৭.৮ শতাংশ কাৰ্যকৰী ক’ভেক্সিন । চূড়ান্ত পৰ্য্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পন্ন হোৱাৰ পাছত শনিবাৰে এই দাবী কৰিছে প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়’টেকে ।

তেওঁলোকে আৰু দাবী কৰে যে, কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে ক’ভেক্সিন ৬৫.২ শতাংশ কাৰ্যকৰী । উপসৰ্গহীন ক’ভিডৰ ক্ষেত্ৰত এই প্ৰতিষেধক ৬৩.৬ শতাংশ কাৰ্যকৰী ।

প্ৰতিষেধকবিধ কিমান নিৰাপদ তাৰো এক তথ্য দাঙি ধৰিছে ভাৰত বায়’টেকে । পৰীক্ষণত পোৱা গৈছে, এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত সাধাৰণ পাৰ্শ্বক্ৰিয়াৰ হাৰ ১২ শতাংশ । ০.৫ শতাংশতকৈও কম ক্ষেত্ৰত গুৰুত্বৰ প্ৰতিক্ৰিয়া দেখা গৈছে ।

সংস্থাৰ দাবী, এই পৰ্যন্ত যি পাৰ্শ্বক্ৰিয়া দেখা গৈছে সেয়া অন্যান্য ক’ভিড প্ৰতিষেধকৰ তুলনাত অতি কম । বিশ্বৰ ১৬খন দেশত জৰুৰী ভিত্তিত প্ৰতিষেধক প্ৰয়োগৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে ভাৰত বায়’টেকে । ইয়াৰ ভিতৰত ভাৰতৰ লগতে ব্ৰাজিল, মেক্সিকো, ইৰান, ফিলিপাইনৰ দৰে দেশ । বিশ্ব  স্বাস্থ্য সংস্থাৰ জৰুৰী ভিত্তিত প্ৰতিষেধক প্ৰয়োগৰ তালিকাত ক’ভেক্সিনক অন্তৰ্ভুক্ত কৰিবৰ বাবে আলোচনা কৰি থকা হৈছে বুলি দাবী ভাৰত বায়’টেকৰ ।

দেশত আটাইতকৈ বেছি পৰিমাণে প্ৰয়োগ কৰি থকা প্ৰতিষেধক দুবিধৰ ভিতৰত আছে ছেৰাম ইনষ্টিটিউট আৰু অক্সফোৰ্ডে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড আৰু হায়দৰাবাদৰ সংস্থা ভাৰত বায়’টেকৰ ক’ভেক্সিন ।

Exit mobile version