দীর্ঘদিনীয়া বিতর্কৰ পৰিপ্ৰেক্ষিতত নতুন পদক্ষেপ গ্রহণৰ পথত বাইডেন প্রশাসন

সকলাে মৃত্যুদণ্ডত স্থগিতাদেশ আমেৰিকাত

P20210303AS 1901 cropped

অপৰাধ যিমানেই জঘন্য, ঘৃণনীয় নহওক, ৰাষ্ট্ৰই এনে অপৰাধৰ বাবে অপৰাধীক মৃত্যুদণ্ড বিহিব পাৰে নে? এই বিতর্ক আজিৰ নহয়। আমেৰিকাতে মৃত্যুদণ্ডক লৈ বাৰে বাৰে উত্থাপিত হৈ আহিছে এই প্রশ্ন।

নতুন ৰাষ্ট্রপতি জ’ বাইডেনৰ আমােলত এতিয়া মৃত্যুদণ্ডৰ প্ৰসংগত নতুনকৈ এক চিন্তা- চৰ্চা আৰম্ভ হৈছে।আমেৰিকাৰ বিচাৰ বিভাগে মৃত্যুদণ্ডৰ সন্দৰ্ভত পর্যালােচনা চলাইছে।

এনে পৰিস্থিতিত আমেৰিকাত সকলাে মৃত্যুদণ্ডৰ ৰায়ত সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰিলে মার্কিন এটর্ণী জেনেৰেল মেৰিক গাৰলেণ্ডে। এক বিবৃতিত তেওঁ কয়, ‘বিচাৰ বিভাগে এই কথা নিশ্চিত কৰিব লাগিব যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় বিচাৰ বিভাগীয় আন্তঃগাঁথনিয়ে সকলােকে সংবিধানে প্ৰদান কৰা মার্কিন আইনৰ সুযােগ প্রদান কৰিছে নে নাই?

লগতে বিচাৰ স্বচ্ছ আৰু মানৱীয়ভাৱে সম্পন্ন কৰা হৈছে নে নাই সেই কথাও নিশ্চিত কৰিব লাগিব। স্মর্তব্য যে যােৱা বছৰৰ মধ্যমভাগৰ পৰা এবছৰৰ সময়ত ডনাল্ড ট্রাম্পৰ চৰকাৰৰ বিদায়ৰ পূর্বে ১১ আমেৰিকাত মুঠ ১৩ জন লােকক মৃত্যুদণ্ড দিয়া হৈছিল।

ঊনবিংশ শতাব্দীৰ সময়ৰ পৰা আন কোনাে মার্কিন ৰাষ্ট্ৰপতিৰ আমােলত ইমান কম সময়ত একেলগে বৃহৎসংখ্যক লােকক মৃত্যুদণ্ড বিহা হােৱা নাছিল।

ক্ষমতা লাভৰ পূর্বে নির্বাচনৰ প্ৰচাৰত বৰ্তমানৰ ৰাষ্ট্রপতি জ’বাইডেনে দাবী কৰি কৈছিল যে তেওঁ ক্ষমতা লাভ কৰিলে আমেৰিকাত মৃত্যুদণ্ড প্রত্যাহাৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব।

হঠাতে বাইডেন প্রশাসনে সাময়িকভাৱে দেশখনত মৃত্যুদণ্ড স্থগিত ৰখাৰ সিদ্ধান্ত লােৱাৰ ঘটনাই আমেৰিকাত আগন্তুক সময়ত মৃত্যুদণ্ড প্রত্যাহাৰ হােৱাৰ সম্ভাৱনাকে ইংগিত দিলে।

ফেডাৰেল কেপিটেল হাবিছ প্রজেক্টৰ মুৰব্বী ৰুথ ফ্রিডমেনে বাইডেন প্রশাসনৰ এই সিদ্ধান্তক স্বাগতম জনাই কয়, সঠিক অভিমুখে প্রথম পদক্ষেপ। কিন্তু এয়াই যথেষ্ট নহয়।

বিচাৰ বিভাগৰ সমর্থন গ্ৰহণ কৰি ৰাষ্ট্রপতি বাইডেনে সকলাে মৃত্যুদণ্ড বাতিল কৰা উচিত। ফ্রিডমেনে লগতে কয় যে ইয়াৰ অন্যথা যােৱা বছৰত যিদৰে “অযুক্তিকৰ ৰক্তক্ষৰণ’ দেশখনত প্রত্যক্ষ হৈছিল, অচিৰে ইয়াৰ পুনৰাবৃত্তি হােৱাৰ শংকা আছে।

ইফালে, মার্কিন এটর্ণী জেনেৰেল গাৰলেণ্ডে প্রকাশ কৰা অনুসৰি, তেওঁ ব্যক্তিগতভাৱে বৰ্তমানৰ মৃত্যুদণ্ডৰ ৰায়দানৰ পদ্ধতিৰ বিষয়ে পর্যালােচনা চলাইছে। কোনাে নিৰপৰাধী ব্যক্তিয়ে যাতে মৃত্যুদণ্ড লাভ নকৰে, সেই বিষয়টো উদ্বেগ প্রকাশ কৰিলে মার্কিন এটর্ণী জেনেৰেলে।

প্রসংগত উল্লেখ্য যে বর্তমানে আমেৰিকাত ৪৬ বন্দীৰ মৃত্যুদণ্ডৰ আদেশ স্থগিত হৈ আছে। এইসকল মৃত্যুদণ্ডৰ ৰায়প্রাপ্ত অপৰাধীৰ মাজত ২০ জন শ্বেতাংগ, ১৮ জন কৃষ্ণাংগ, সাতজন লেটিন আৰু এজন এছিয়ান মূলৰ বন্দী আছে।

Exit mobile version