পর্যটকৰ বাবে দুৱাৰ মুকলি থাইলেণ্ডৰ

shutterstock 1283102005 2 7329542d51ce

অতিমাৰীৰ প্রকোপ হ্রাস পােৱাৰ পাছত আন্তর্জাতিক পর্যটকৰ বাবে দুৱাৰ মুকলি কৰিলে থাইলেণ্ডৰ ফুকেট চহৰে। থাইলেণ্ডৰ অৰ্থনীতিৰ মূল আধাৰ হৈছে পর্যটন।

কৰ’নাৰ পৰিস্থিতিত দীর্ঘদিন ধৰি দেশখনৰ পর্যটন কেন্দ্রসমূহ বন্ধ হৈ আছিল। অৱশেষত দেশখনৰ প্ৰথমখন চহৰ হিচাপে ফুকেটে বিদেশী পর্যটকক আদৰিবলৈ বন্ধ দুৱাৰ খুলি দিলে।

প্রকাশিত বাতৰি অনুসৰি প্রথম দফাত মধ্যপ্রাচ্যৰ পৰা ২৫০ জন পর্যটকে থাইলেণ্ডৰ এইখন চহৰলৈ আহিব। অৱশ্যে ফুকেটত প্ৰৱেশ কৰিবলৈ হ’লে ১৪ দিন পূর্বে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমােদিত ক’ভিড প্রতিষেধকৰ দুপালি গ্ৰহণ কৰিব লাগিব।

তদুপৰি ফুকেটলৈ ৰাওনা হােৱাৰ ৭২ ঘণ্টাৰ পূর্বে আৰ টি-পি চি আৰ পৰীক্ষা কৰাব লাগিব। তদুপৰি আন কেতবােৰ চৰ্তও প্রশাসনে আৰােপ কৰিছে। অষ্ট্রেলিয়া,হংকং, চীন, ইংলণ্ড, আমেৰিকাৰ দৰে কেইখনমান দেশৰ পৰা অহা আন্তর্জাতিক পর্যটকক থাইলেণ্ডে বর্তমানে কোৱাৰেন্টাইনমুক্ত প্রৱেশৰ অনুমতি দিছে।

Exit mobile version