মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

Assampolice 1603027730904 1603027737568 1603075779148

হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি চলি থকা সময়ত এইবাৰ কাছাৰতো উত্তপ্ত হৈ উঠিছে অসমতো মিজোৰাম সীমান্ত ।

অসমৰ মাটিত অসম আৰক্ষী তথা বন বিভাগৰ লোকক গুলিয়াই হত্যাৰ ভাবুকি মিজো আৰক্ষীৰ । কেন্দ্ৰীয় বাহিনী নথকা হ’লে অসম আৰক্ষী তথা বন বিভাগৰ কৰ্মীক গুলিয়াই মাৰিলে হয় বুলি ভাবুকি মিজো আৰক্ষীৰ ।

১২ APBN ৰ কেম্প’ত বহি আছিল অসম আৰক্ষীৰ এডিজিপি হৰমিত সিং, দক্ষিণ অসমৰ ডিআইজি দেবজিত মুখাৰ্জী, কাছাৰৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত নিলাম্বৰসহ বিশাল আৰক্ষী বাহিনী ।

সেই সময়তে ধলাই সমষ্টিৰ ৰেংটি পাহাৰ এলেকাত মিজো আগ্ৰাসনৰ বুজ ল’বলৈ যোৱা অসম আৰক্ষী তথা বন বিভাগৰ লোকক গুলিয়াই হত্যাৰ ভাবুকি প্ৰদান কৰে মিজোৰামৰ আৰক্ষী তথা আইআৰ বেটেলিয়ানৰ যোৱানসকলে ।

লগতে কেন্দ্ৰীয় বাহিনী নাথাকিলে অসমৰ মাটিত অসম আৰক্ষী তথা বনবিভাগৰ লোকক গুলিয়াই মাৰিলে হয় বুলিও ভাবুকি প্ৰদান কৰিছে মিজো আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, ৰেংটি সংৰক্ষিত বনাঞ্চলতো মিজোই আৰম্ভ কৰিছে আগ্ৰাসন । বন বিভাগৰ মুল্যবান গছ কাটি তহিলং কৰাৰ সমান্তৰালকৈ নিৰ্মাণ কৰিছে অস্থায়ী কেম্প ।

অৱশ্যে অসমৰ মাটিত থকা মিজোৰ এখন অস্থায়ী কেম্প ভাঙিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ দলে । উল্লেখ কৰিব লাগিব যে, হাইলাকান্দি জিলাৰ বিলাইপুৰ ধলছেৰা অঞ্চলত বিগত প্ৰায় চাৰিটা দিন ধৰি অসম আৰক্ষীৰ এটা বিশাল বাহিনীৰ দল সীমান্তত প্ৰহৰাৰত অৱস্থাত আছে ।

আনকি শুকুৰবাৰে অসম আৰক্ষীৰ স’তে মিজো আৰক্ষীৰ লোকে সংঘাতত লিপ্ত হৈছিল । ঠিক তেনে সময়তে পুনৰ উত্তপ্ত হৈ উঠিছে কাছাৰৰ অসম মিজোৰাম সীমান্ত ।

Exit mobile version