অতিমাৰীৰ কাৰণে হোৱা নাই চাকৰিৰ ইণ্টাৰভিউ, চুইচাইড নোট লিখি পুনেত আত্মহত্যা যুৱক

চুইচাইড নোটত লিখিলে, ‘সকলো মায়াজাল । এই ফান্দ পৰিহাৰ কৰক। বয়স যিমান বাঢ়িছে, বোজা সিমানে বাঢ়িছে।’

বুধবাৰে পুনেৰ এজন যুৱকৰ ঘৰত আৰক্ষীয়ে এই চুইচাইড নোটখন উদ্ধাৰ কৰে । চুইচাইড নোটৰ কাষতে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ।

কিয় আত্মহত্যা কৰিলে যুৱকজনে ? অনুসন্ধানত প্ৰকাশ পাইছে যে ২৪ বছৰীয়া যুৱকজনে চাকৰি নোপোৱাৰ বাবে আত্মহত্যা কৰিছিল।

পুনেৰ হাদাপচাৰ অঞ্চলৰ বাসিন্দা যুৱকজনক স্বপ্নিল লোংকাৰ বুলি চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰই লোক সেৱা আয়োগৰ বাবে প্ৰস্তুতি চলাই আছিল স্বপ্নিলে। প্ৰাথমিক পৰীক্ষাতো উত্তীৰ্ণ হৈছিল যুৱকজন । বাকী ৰৈছিল ইণ্টাৰভিউ। কিন্তু অতিমাৰীৰ এই পৰিস্থিতিৰ বাবে ইয়াক বাতিল কৰা হৈছিল।

স্বপ্নিল ডিপ্লোমা ইন চিভিল ইঞ্জিনিয়াৰিং ২০১৯ ত মহাৰাষ্ট্ৰ লোক সেৱা আয়োগৰ পৰীক্ষা দিছিল । তেওঁ প্ৰাথমিক আৰু মুখ্য দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু স্বপ্নিলৰ পৰিয়ালে দাবী কৰিছিল যে ইণ্টাৰভিউ নোহোৱাত মনে মনে তেওঁ ভাগি পৰিছিল। কিন্তু স্বপ্নিল যে ভাঙি পৰিছিল পৰিয়ালে তেওঁক লক্ষ্য কৰা নাছিল ।

আৰক্ষীয়ে জনাইছে যে স্বপ্নিলৰ কোঠাৰ পৰা উদ্ধাৰ কৰা নোটখনত লিখা আছে, ‘মোৰ আত্মবিশ্বাস ক্ৰমান্বয়ে তললৈ গৈ আছে। মই চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ দুবছৰ হ’ল। মূৰত বৃহৎ ঋণৰ বোজা। ব্যক্তিগত চাকৰি কৰি ইয়াক পূৰণ কৰা টো সম্ভৱ নহয়। যদি ক’ভিড নাহিলহেঁতেন, সকলো পৰীক্ষাই হ’ললৈ। জীৱনটো বেলেগ হ’লহেঁতেন। ‘

Exit mobile version