ড্ৰেগন ফলৰ স্বাস্থ্যজনিত উপকাৰিতা

fruit1

কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে: ড্ৰেগনএটাৰ ফলত প্ৰায় সাত গ্ৰাম ফাইবাৰ থাকে । যিসকলৰ কোষ্ঠকাঠিন্যৰ প্ৰৱণতা আছে তেওঁলোকে এই ফল খোৱাৰ দ্বাৰা উপকৃত হ’ব পাৰে।

হৃদযন্ত্ৰৰ লাভালাভ : ড্ৰেগন ফলৰ বীজত অমেগা ৩ আৰু অমেগা ৯ ফেটি এচিড থাকে যি হৃদযন্ত্ৰৰ বাবে উপকাৰী। নিউয়ৰ্কৰ পুষ্টিবিদ আৰু দ্য স্মল চেঞ্জ ডায়েটৰ লেখক কেৰি গানছে কয়, “ড্ৰেগন ফলৰ অমেগা-৩ ফেটি এচিডত প্ৰদাহজনক উপাদান থাকে।” এইকাৰণে এই ফল খোৱাৰ ফলত হৃদৰোগ আৰু গাঁঠিৰ বিষৰ আশংকা হ্ৰাস হয়। ড্ৰেগনৰ ফল খোৱাটোৱে হতাশাও হ্ৰাস কৰিব পাৰে। ‘

হাড়ৰ স্বাস্থ্য ভালে ৰাখে : ড্ৰেগন ফলত বেছিভাগ ফলতকৈ অধিক মেগনেছিয়াম থাকে। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু অষ্টিওপোৰোচিছ প্ৰতিৰোধ কৰে। অষ্টিওপোৰোচিছে হাড়বোৰ ইমান দুৰ্বল কৰে যে ই সহজে ভাঙি পৰিব পাৰে। জাৰ্নেল অফ ইণ্টাৰনেচনেল মেডিকেল ৰিচাৰ্ছত প্ৰকাশিত গৱেষণাই কয় যে ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ কৰা মহিলাসকলৰ হাড়ৰ সুস্বাস্থ্য বজাই ৰখাত ড্ৰেগন ফল বিশেষভাৱে সহায়ক হ’ব পাৰে।

ৰক্ত সঞ্চালন বজাই ৰাখে : পৃথিৱীৰ আটাইতকৈ জনাজাত পুষ্টিৰ অভাৱ হৈছে আইৰনৰ অভাৱ। মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যাটো অধিক সচৰাচৰ হয়। আমি মাংস, মাছ, বাদাম আৰু মাহজাতীয় শস্যৰ দৰে খাদ্যৰ পৰা বেছিভাগ আইৰন গ্ৰহণ কৰোঁ। কেৱল কেইটামানৰ ফলত উচ্চ পৰিমাণৰ আইৰন পোৱা যায়। ইয়াৰে এটা হৈছে ড্ৰেগন ফল। ১০০ গ্ৰাম ড্ৰেগনত ১.৯ মিগ্ৰা আইৰন থাকে, যি দৈনিক অনুমোদিত স্তৰৰ ১০ শতাংশতকৈ অধিক। হিমোগ্লোবিন উৎপাদনৰ বাবে আইৰনৰ প্ৰয়োজন হয়, যি লোহিত ৰক্ত কণিকাবোৰক শৰীৰৰ কোষকলালৈ অক্সিজেন প্ৰাপ্ত কৰাত সহায় কৰে।

চুলি সৰা প্ৰতিহত কৰে : আইৰনৰ অভাৱৰ ফলত চুলি সৰাৰো সমস্যা হ’ব পাৰে। ড্ৰেগনৰ ফল নিয়মীয়াকৈ খালে চুলি সৰা হ্ৰাস কৰিব পাৰে। নিউয়ৰ্ক চহৰৰ আইকন স্কুল অফ মেডিচিনৰ ডাৰ্মাটোলজীৰ সহকাৰী নিদানিক অধ্যাপক গেৰী গোল্ডেনবাৰ্গৰ মতে, ফলটোৱে লোৰ অভাৱৰ ৰক্তহীনতাৰ অন্যান্য লক্ষণবোৰো প্ৰশমিত কৰিব পাৰে, যেনে অত্যাধিক ভাগৰ, ছালৰ ৰং বিবৰণ, মনোযোগৰ সমস্যা, মুৰৰ বিষ আৰু হাত-ভৰিৰ ঠাণ্ডা অনুভূতি।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে : ভাইৰাছ সংক্ৰমণত আমি সাধাৰণতে কমলাৰ দৰে ভিটামিন চি সমৃদ্ধ ফলৰ ফালে যাওঁ, কিয়নো ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। কিন্তু আপুনি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাৰ্যপ্ৰণালী বৃদ্ধি কৰিবলৈ ড্ৰেগনফলও আহাৰত ৰখাৰ কথাও বিবেচনা কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। বেথ ৱাৰেন নিউট্ৰিছনৰ প্ৰতিষ্ঠাপক আৰু পুষ্টিবিদ বেথ ৱাৰেনে কয়, “অক্সিডেটিভ চাপ-সম্পৰ্কীয় ক্ষতি পৰিহাৰ কৰিবলৈ প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্টবোৰ ফল আৰু পাচলিত থাকে। ড্ৰেগন ফল হৈছে এণ্টিঅক্সিডেণ্টৰ এক প্ৰচুৰ উৎস। ‘

Exit mobile version