অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ সংবাদ মেল

E5hU08dVIAA4Rdw

বৰ্তমান সময়ত চৰকাৰৰ কিছুমান সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে –

(১) হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ল’ৰা ধেমালি কৰি আছে। চৰকাৰখনৰ শেহতীয়া কাম কাজে প্ৰমাণ কৰিছে যে তেওঁলোকৰ কোনো শৈক্ষিক ধ্যান ধাৰণা নাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ তেওঁলোক মুঠেও উদ্বিগ্ন নহয়। নিজৰ স্থিতি সঘনাই সলনি কৰি থকা চৰকাৰখনে শিক্ষাৰ্থীসকলৰ সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত এই পৰ্যন্ত এটি সুস্থিৰ সিদ্ধান্ত ল’ব নোৱাৰাটো আৰু এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক কাৰ্যতঃ পণবন্দী কৰি ৰখাটো দুৰ্ভাগ্যজনক । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কথাৰ অমিল আৰু বিপৰীত স্থিতিয়ে তেওঁলোকৰ মাজত যোগাযোগহীনতা আৰু চৰকাৰখনৰ অৰাজকতা প্ৰতিফলিত কৰিছে। প্ৰথম অৱস্থাত, আমাৰ বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাই বুলি কৈ পৰীক্ষা পাতিমেই বুলি আকোৰগোজ হৈ ৰোৱা বিজেপি চৰকাৰখনে অৱশেষত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিতে ফলাফল ঘোষণাৰ সিদ্ধান্ত লৈছে যদিও ইয়াৰ বাবে যি নীতি ঘোষণা কৰিলে সেয়াই শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ সলনি অধিক মানসিক নিৰ্যাতনহে দিছে। শিক্ষামন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত যি ফলাফল দিয়া হ’ব সেয়া কেৱল নামভৰ্ত্তিৰ বাবেহে প্ৰযোজ্য হ’ব,ভৱিষ্যতে চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। এই ফলাফলত অসন্তুষ্টসকলে পিছত বিশেষ পৰীক্ষাত বহিব পাৰিব বুলিও শিক্ষামন্ত্ৰীয়ে কৈছে। প্ৰশ্ন হয়, কেৰিয়াৰ সচেতন কোনেনো পুনৰ পৰীক্ষাত বহিবলৈ নিবিচাৰিব ? ইপিনে শিক্ষামন্ত্ৰীৰ ভাষ্যৰ বিপৰীত মেৰুত অৱস্থান লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ঘোষণা কৰা ফলাফলেৰে শিক্ষাৰ্থীয়ে চাকৰিও পাব,কেৱল টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই ফলাফল গ্ৰহণ কৰা নহ’ব। এনে বিপৰীত ভাষ্য আৰু চৰকাৰখনে সিদ্ধান্ত লওঁতে কৰা অহেতুক বিলম্বই শিক্ষাৰ্থী,অভিভাৱক,শিক্ষক সকলোকে অধিক বিপাঙত পেলাইছে আৰু মানসিক অশান্তি দিছে। এনে পৰিস্থিতিৰ অৱসান ঘটাই অনতি পলমে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা এক সিদ্ধান্তত উপনীত হ’বলৈ চৰকাৰখনক দাবী জনাইছো।

(২) নিয়াৰ আদালতে দোষমুক্ত কৰাৰ দিনাই বিধায়ক অখিল গগৈয়ে দীৰ্ঘদিনৰ মূৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কেবিন এৰি ঘৰলৈ যোৱা প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কেতবোৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত মন্ত্ৰী হাজৰিকাই স্পষ্টভাৱে কৈছে যে যি সময়ত ক’ভিড আক্ৰান্তৰ বাবে এটা কেবিন বিচাৰি সাধাৰণ মানুহে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত অখিল গগৈয়ে জি এম চি এইচ কৰ্তৃপক্ষক কিবা “ফিটিং” কৰি মাহৰ পাছত মাহ এটা কেবিন আৱদ্ধ কৰি ৰাখিছিল। মন্ত্ৰীজনৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে হঠাৎ এদিনতে ১২ টা মান বেমাৰ ভাল হৈ যোৱা এনে কি ভিটামিন জি এম চি এইচে আৱিষ্কাৰ কৰিলে তেওঁক সেইটো লাগে ।

প্ৰথম কথা,অখিল গগৈয়ে নিজ ইচ্ছা মতে এইদৰে জি এম চি এইচৰ কেবিনত নাছিল। মেডিকেল ব’ৰ্ডৰ পৰামৰ্শ আৰু আদালতৰ নিৰ্দেশৰ ভিত্তিতহে তেওঁক এইদৰে কেবিনত ৰাখি চিকিৎসা কৰি থকা হৈছিল। গতিকে, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ যে ন্যায়পালিকাৰ ওপৰত আস্থা নাই, তেওঁলোকৰ মনত যে আইন আদালতৰ প্ৰতি তিলমানো সন্মান নাই,সেইকথা তেওঁলোকৰ বক্তব্যৰ দ্বাৰাই প্ৰমাণিত হৈছে।
দ্বিতীয় কথা, অখিল গগৈয়ে কাৰাবন্দী অৱস্থাত এইদৰে জি এম চি এইচৰ কেবিনত থাকি চিকিৎসা গ্ৰহণ কৰি থকা সময়ছোৱাত কাৰ চৰকাৰ আছে ? এইছোৱা সময়ৰ স্বাস্থ্যমন্ত্ৰী কোন ? যদি কিবা “ফিটিং” হৈছে,তাৰ বাবে দায়ী কোন ? বিজেপিৰ দিনত ইমান অৰাজক চলি আছেনে ?

(৩) অসমৰ মাজেৰে বাংলাদেশলৈ চলা গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ বাবে শেহতীয়াভাৱে কঠোৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যত গৰু ছিণ্ডিকেটত মাহে এহেজাৰ কোটি টকা লেনদেন হয় বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে সক্ৰিয় অভিযান চলোৱা পৰিলক্ষিত হৈছে। প্ৰশ্ন হয়, ড্ৰাগছৰ অবাধ বেহা আৰু প্ৰচলন তথা গৰু চিণ্ডিকেট আদি বিগত দুই মে’ৰ পাছতহে অসমত আৰম্ভ হৈছে নেকি ? নিশ্চয় নহয় । তেন্তে পূৰ্বৰে পৰা চলি থকা এইসমূহৰ বিৰুদ্ধে বিগত সময়ছোৱাত চৰকাৰ তথা আৰক্ষী বিভাগ সক্ৰিয় হোৱা নাছিল কিয় ? বিজেপি চৰকাৰৰ আমোলত ৰাজ্যত গৰুকে ধৰি বিভিন্ন ছিণ্ডিকেট চলি থকাৰ যি অভিযোগ কংগ্ৰেছে বাৰম্বাৰ কৰি আহিছে, মুখ্যমন্ত্ৰীৰ বক্তব্যই সেই অভিযোগৰে সত্যতা প্ৰমাণ কৰা নাইনে ?

Exit mobile version