বেল গছৰ পাতৰো আছে বিভিন্ন উপকাৰী গুণ

★ গেছৰ সমস্যা

প্ৰায় বোৰ মানুহৰ বাবে আজি কালি গেষ্ট্ৰিক এবিধ প্ৰধান সমস্যা। গেছৰ সমস্যাৰ বাবে মানুহে পেটৰ নানান সমস্যাত ভোগে। গেছৰ সমস্যা দূৰ কৰিবলৈ হ’লে জালুকৰ স’তে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট আৰোগ্য লাভ কৰিব পৰা যায়।

★ মুখৰ ঘা

নিমখযুক্ত খাদ্য খোৱাৰ ফলত মানুহৰ কেতিয়াবা কেতিয়াবা মুখৰ অন্তৰ্ভাগত ঘা হোৱা দেখা যায়। এই সমস্যা দূৰ কৰিবলৈ হ’লে বেল পাত আৰু সেউজীয়া ধনীয়াৰ পাত মিহলি কৰি এটা পেষ্ট বনাই খালে আৰোগ্য লাভ কৰিব পাৰি।

★ কাঁহ

ঠাণ্ডাৰ দিনত কাঁহত আক্ৰান্ত হ’লে বেল পাতৰ ৰসৰ স’তে মৌ মিহলি কৰি খালে কাঁহ নিৰাময় হয়।

★ গাৰ দুৰ্গন্ধ

গাৰপৰা বেয়া গোন্ধ ওলালে বা ঘামজনিত কাৰণত গাৰ গোন্ধালে বেলৰপাত পিচি ৰস উলিয়াই পানীত মিশ্ৰণ কৰি ল’ব লাগে । মিশ্ৰণখিনি গা ধোৱাৰ আধাঘণ্টা আগতে গাত লগাই ভালদৰে মালিচ কৰি ল’ব লাগে আৰু পাছত শীতল পানীৰে গা ধুব লাগে ।এনে কৰিলে গাৰ গোন্ধ নাইকিয়া হ’ব।

Exit mobile version