বৰপেটা জিলাৰ কৰ’না বিৰোধী যুজঁত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগ

WhatsApp Image 2021 07 05 at 6.05.48 PM

বৰপেটা জিলাৰ কৰ’না বিৰোধী যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াই ‘ইণ্ডো-গ্লোবেল ছ’চিয়েল ছাৰ্ভিচ ছোচাইটী’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা আজি কিছু আৱশ্যকীয় সামগ্ৰী জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পন কৰে।

সংগঠনটোৰ বৰপেটা আৰু ধুবুৰী জিলাৰ সমন্বয়ক মকিব উদ্দিন শিকদাৰ আৰু গ্ৰাম্য সংগঠক খাদিজা বেগমে ৪০ টা পালছ অ’ক্সিমিটাৰ, ৫০০ মি:লি: ৰ ৪০০ বটল ছেনিটাইজাৰ, ৫০০ টা এন৯৫ মাস্ক, ১০০ ছাৰ্জিকেল মাস্ক আৰু ১০০০ হেণ্ড গ্লোভছ উপায়ুক্তৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পন কৰে।

সংগঠনটোৰ এই বদান্যতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, এই মহামাৰী জনিত অভাৱনীয় দুৰ্যোগৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ জনসাধাৰণে সংগবদ্ধভাবে যুজঁ দিব লাগিব।

তেতিয়াহে আমি কৰ’না মহামাৰীৰ পৰা ৰক্ষা পৰিব পাৰিম বুলি মন্তব্য কৰি তেওঁ কয় যে, তাৰ বাবে ৰাইজৰ সহায়-সহযোগৰ লগতে জন-সজাগতাৰো আৱশ্যক । উপায়ুক্ত গৰাকীয়ে খেদ প্ৰকাশ কৰি কয় যে, এতিয়াও বহু ক্ষেত্ৰত এনে সজাগতাৰ ভীষণ অভাৱ দেখা যায়। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।

Exit mobile version