যিয়ে মুছলমানসকল ভাৰতত থাকিব নালাগে বুলি কয়, তেওঁলোক হিন্দু নহয়ঃ আৰ এছ এছ প্ৰধান

PTI07 04 2021 000146B 1625408818533 1625408834092

হিন্দু-মুছলিম ঐক্য‌ই প্ৰধান । ভাৰতবাসীৰ পৰিচয়, তেওঁ এজন ভাৰতীয় । দেওবাৰে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অনুষ্ঠানত এই কথা সদৰী কৰে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে । তেওঁ মন্তব্য কৰে, ‘যিয়ে বা যিসকলে গো-ৰক্ষাৰ কথা কৈ গণৰোষ সৃষ্টি কৰি কাৰোবাক আক্ৰমণ কৰে, তেওঁলোকো হিন্দুত্বৰ বিৰোধী । মনত ৰাখিব লাগিব, ভাৰতৰ হিন্দু, মুছলমান একেই উৎসৰ পৰা আহিছে ।’

উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিৰ কথা নকৈ, মোহন ভাগৱতে সভামঞ্চত সাম্প্ৰদায়িক ঐক্যৰ কথা কয় । তেওঁ কয় যে, ভোটৰ বাবে তেওঁ এই কথা কোৱা নাই । ভাগৱতে কয়, ‘গৰু এবিধ পবিত্ৰ প্ৰাণী । কিন্তু গো-ৰক্ষাৰ বাবে যিসকলে গণৰোষ সৃষ্টি কৰি অন্যক আক্ৰমণ কৰে, তেওঁলোক হিন্দুত্বৰ পৰা বিচ্যুত হৈছে । আইন আইনৰ পথতেই চলিব ।’ মুছলিমসকলক উদ্দেশ্যি তেওঁৰ মন্তব্য, ‘মুছলিমসকল ভাৰতত বিপদত আছে, এই বক্তব্যৰ জৰিয়তে যিয়ে প্ৰতাৰণা কৰাৰ চেষ্টা কৰিছে, তাত ভাৰতীয় মুছলিমসকল বিশ্বাস নকৰিব ।’

তেওঁৰ মতে, সাম্প্ৰদায়িক ঐক্যতাৰ অবিহনে দেশত প্ৰকৃত উন্নয়ন সম্ভৱ নহয় । সেয়ে জাতীয়তাবাদ প্ৰসাৰৰ প্ৰয়োজন, প্ৰয়োজন । ভাৰতৰ পূৰ্বপুৰুষসকলৰ যি ঐতিহ্য তাক ৰক্ষা কৰাই লক্ষ্য হোৱা উচিত । হিন্দু-মুছলমানৰ ধৰ্মীয় মতবিৰোধক লৈ আলোচনা হ’ব পাৰে, কিন্তু ই যাতে কেতিয়াও অনৈক্যৰ ৰূপ নলয় ।

সভা মঞ্চত তেওঁ স্পষ্ট কৰি দিয়ে, ‘আমি গণতন্ত্ৰত বাস কৰো । ইয়াত হিন্দু বা মুছলিম, কাৰো প্ৰাধান্যতা নাথাকে । ইয়াত প্ৰাধান্য পাব কেৱল ভাৰতীয়সকলে । সমাজৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব ।’

Exit mobile version