নিজৰ দায়িত্ব নিজেই ল’ব লাগিব। এইদৰে ক’লে ব্ৰিটেইন চৰকাৰে । মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা নিজেই বুজিব লাগিব । সেইয়াই বিচাৰে ব্ৰিটেইনে ।
আগৰ মাহত তলাবন্ধ সম্পূৰ্ণভাৱে তুলি দিয়াৰ সময়তে এই ধাৰণাটো আছিল । কিন্তু ডেল্টা স্ট্ৰেইনৰ বাবে এই সিদ্ধান্ত বাতিল কৰিব লগা হয় । অৱশ্যে, এই মাহৰ ১৯ তাৰিখে তলাবন্ধ উঠাই লোৱা হ’ব বুলি শুনিবলৈ পোৱা গৈছে । আনকি বাধ্যতামূলক নহয় মাস্ক পৰিধান কৰাও ।
গৃহ নিৰ্মাণ সচিব ৰবাৰ্ট জেনৰিকে জনাইছিল যে চৰকাৰে ১৯ জুলাইত তলাবন্ধ সম্পূৰ্ণৰূপে উঠাই লোৱাৰ কথা বিবেচনা কৰি আছে। এইবাৰ বিষয়টো সাধাৰণ মানুহৰ ওপৰত এৰি দিয়া হ’ব। মাস্ক পৰিধান কৰিব নে নকৰে তাৰ দায়িত্বও তেওঁলোকেই ল’ব লাগিব।
ব্ৰিটিছ সংবাদ মাধ্যমত এইটোৱেই ইংগিত আছিল। এইটো কোৱা হয় যে বৰিছ জনছন চৰকাৰে (ইউকে চৰকাৰে) কৰ’না-নিয়ম উঠাই লোৱাৰ কথা বিবেচনা কৰি আছে। কিন্তু চৰকাৰে দেশবাসীক সোঁৱৰাই দিছে যে, এইবাৰ আমি এটা নতুন যুগত প্ৰৱেশ কৰিছো। আমি ভাইৰাছৰ স’তে জীয়াই থাকিবলৈ শিকিব লাগিব। সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ দায়িত্ব নিজে ল’ব লাগিব। কিন্তু সকলো সিদ্ধান্ত চৰকাৰৰ হাতত অহা ক’ভিড তথ্যৰ ওপৰত নিৰ্ভৰ কৰে।
জাৰ্মানী, ইটালীকে ধৰি কে’বাখনো ইউৰোপীয় দেশে ইতিমধ্যে মাস্ক পৰিধান কৰা নিয়ম উঠাই লৈছে। ব্ৰিটেইনে কয় যে তেওঁলোকে টিকাকৰণৰ বলত এই ‘স্বাধীনতা দিৱস’ পালন কৰাৰ সিদ্ধান্ত লৈছে।






























