কংগনাৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযােগ জাভেদ আখতাৰৰ

javed akhtar kangana

বলিউডৰ গীতিকাৰ জাভেদ আখতাৰে অভিযােগ উত্থাপন কৰি কয় যে অভিনেত্রী কংগনা ৰণৌটৰ অধিবক্তাই যােৱা ২৮ জুনত উদ্দেশ্যেপ্রণােদিতভাৱে বােম্বে উচ্চ ন্যায়ালয়ত অভিনেত্রীগৰাকীৰ পাৰপত্র নবীকৰণৰ বাবে নিজৰ পক্ষত নির্দেশ লাভৰ বাবে বিভ্রান্তিকৰ ভাষ্য আগবঢ়াইছিল।

ADVERTISEMENT

এই সন্দৰ্ভত বিশিষ্ট গীতিকাৰজনে আদালতত কংগনাৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ আবেদন দাখিল কৰিছে। এই আবেদনত আখতাৰে কয় যে ২০২০ৰ নৱেম্বৰত টেলিভিছনৰ এক সাক্ষাৎকাৰত কংগনাই কৰা এক মন্তব্যক লৈ অভিনেত্রীৰ বিৰুদ্ধে মানহানিৰ গােচৰ তৰা হৈছিল।

কংগনাই অধিবক্তাৰ জৰিয়তে শেহতীয়াভাৱে পাৰপত্র নবীকৰণৰ উদ্দেশ্যৰে বিভ্রান্তিকৰ ভাষ্য আদালতত দিয়া বুলিও আখতাৰে অভিযােগ কৰে। উল্লেখ্য যে কংগনাই যােৱা মাহৰ পৰা তেওঁৰ পাৰপত্র নবীকৰণ কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

অভিনেত্রীগৰাকীয়ে হাংগেৰীৰ বুড়াপেষ্টত এখন ছবিৰ দৃশ্যগ্রহণ অংশ ল’বলৈ পাৰপত্ৰৰ নবীকৰণ কৰাব বিচাৰিছে। পাৰপত্র নবীকৰণ কৰাবলৈ আদালতুত বিচাৰাধীন গােচৰ থকা অভিনেত্রীগৰাকীয়ে কূটকৌশলৰ অৱলম্বন কৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিলে বলিউডৰ জনপ্রিয় গীতিকাৰজনে।

Exit mobile version