ঝুলন গোস্বামীৰ বায়’পিকত অভিনয় কৰিব অনুষ্কাই

jhulan goswami

এইবাৰ বায়’পিক নিৰ্মাণ কৰা হ’ব ঝুলন গোস্বামীৰ । ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কৰ চৰিত্ৰত অভিনয় কৰিব অনুষ্কা শৰ্মাই । চলিত বৰ্ষৰ শেষৰ ফালেই আৰম্ভ হ’ব পাৰে ছবিখনৰ শ্বুটিং ।

বিগত বৰ্ষৰ জানুৱাৰীত অনুষ্কাক ঝুলনৰ স’তে দেখা গৈছিল । উৰাবাতৰি প্ৰচাৰ হৈছে যে, ইয়াৰ বাবেই ঝুলন গোস্বামীৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে অভিনেত্ৰীগৰাকী মান্তি হৈছে নেকি ?

সূত্ৰ অনুসৰি, অৱশ্যে এই পৰ্যন্ত চিত্ৰনাট্য প্ৰস্তুত হোৱা নাই । সকলো ঠিৰাং হোৱাৰ পাছতেই প্ৰস্তুতি আৰম্ভ কৰিব অনুষ্কাই । বলীউডৰ এক সূত্ৰ অনুসৰি, ‘চিত্ৰনাট্যৰ কাম চলি আছে । এই কাৰ্য সম্পন্ন হোৱাৰ পাছত পৰিচালক ঠিক কৰা হ’ব । ইয়াৰ পাছতহে অনুষ্কাই প্ৰস্তুতি আৰম্ভ কৰিব । তাৰ পাছত শ্বুটিং আৰম্ভ হ’ব ।’

মহিলা ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ ঝুলন । তেওঁ দীৰ্ঘদিন ভাৰতীয় দলক নেতৃত্ব‌ও দিছিল । ২০০২ত আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ক্ৰিকেটাৰগৰাকীয়ে । ইতিমধ্যে তেওঁ ২৮৯ খন এদিনীয়া খেল, ৬৮খন টি২০ আৰু ১১খন টেষ্ট খেলিছে । সকলো ধৰণৰ ক্ৰিকেট খেল মিলি আন্তৰ্জাতিক মঞ্চত তেওঁ ৩৩৩ টা উইকেট লৈছে । ১৭৯৫ ৰাণ কৰিছে ।

Exit mobile version