মিজোৰাম-মহাৰাষ্ট্ৰ-ত্ৰিপুৰাসহ আঠ ৰাজ্যৰ ৰাজ্যপাল সলনি কৰিলে মোদী চৰকাৰে

pm modi pti2 1624723395

মোদী মন্ত্ৰীসভাত সালসলনিৰ সম্ভাৱনাক লৈ বহুদিনৰ পৰাই জল্পনা-কল্পনা চলি আছে নতুন দিল্লীত । সম্প্ৰতি আঠখন ৰাজ্যৰ ৰাজ্যপাল সলনি কৰিলে কেন্দ্ৰই ।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ থাৱৰ চন্দ গহলৌটক কৰ্ণাটকৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে । তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আছিল । মিজোৰামৰ ৰাজ্যপাল পিএছ শ্ৰীধৰণ পিল্লাইক গোৱাৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে । মিজোৰামৰ নতুন ৰাজ্যপাল হৈছে হৰিবাবু কাম্ভামপতি ।

ইয়াৰোপৰি হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যক ত্ৰিপুৰালৈ প্ৰেৰণ কৰা হৈছে । ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ ব্যাসক নিযুক্ত কৰা হৈছে ঝাড়খণ্ডত । হিমাচল প্ৰদেশৰ ৰাজ্যপাল আছিল বন্দাৰু দত্তাত্ৰেয় । তেওঁক হাৰিয়ানাৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছে । হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হৈছে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকৰ । ইপিনে, মধ্যপ্ৰদেশৰ নতুন ৰাজ্যপাল হৈছে মংগুভাই ছংগনভাই পেটেল ।

পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখেড়ক সলনি কৰাৰ দাবীত সৰৱ হৈছে তৃণমূল । তেওঁলোকে এই বিষয় লৈ ৰাষ্ট্ৰপতিৰো দ্বাৰস্থ হৈছে ।

Exit mobile version