ৰাছিয়াত ২৮ যাত্ৰীসহ সমুদ্ৰত ভাঙি পৰিল বিমান

russia plane reuters 1005450 1625558526

২৮ গৰাকী যাত্ৰীসহ ৰাছিয়াত নিখোজ হৈ পৰিছিল এখন যাত্ৰীবাহী বিমান । ৰাছিয়াৰ আৰ‌আইএ সংবাদ সংস্থাৰ দাবী, যাত্ৰীবাহী বিমানখন সমুদ্ৰত ভাঙি পৰিছে । ইতিমধ্যে বিমানখনৰ সন্ধান অভিযান চলোৱা হৈছে ।

ৰাছিয়াৰ সংবাদ সংস্থা টাছে জনায়, এন-২৬ নামৰ বিমানখন মঙলবাৰে পেট্ৰ’পাভল’ভস্ক-কামচাটস্কিৰ পৰা পালনালৈ যাত্ৰা কৰি আছিল । পালনাত অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে বিমানখনৰ স’তে যোগাযোগ বিচ্ছিন্ন হৈ যায় এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ ।

সূত্ৰ অনুসৰি, ছয় বিমানকৰ্মী আৰু দুই শিশুসহ মুঠ ২৮ গৰাকী লোক আছিল বিমানখনত । ৰাছিয়াৰ সংবাদ সংস্থাই জনায়, বিমানখন যাত্ৰীসহ সমুদ্ৰত ভাঙি পৰিছে । বিমানখনৰ স’তে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সময়ত বতৰ অনুকূল নাছিল বুলি দাবী কৰিছে আৰ‌আইএ-য়ে ।

Exit mobile version