গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

WhatsApp Image 2021 07 07 at 6.36.47 PM 1

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতো ধুবুৰী আৰু দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰে অব্যাহত আছে গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ । গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ধুবুৰীৰ পৃথক তিনিটাকৈ স্থানত আৰক্ষীৰ অভিযান । দুটা স্থানত প্ৰচণ্ড গুলিচালনা ।

গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ আৰু চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া কঠোৰ হৈছে অসম আৰক্ষী । এতিয়া আৰক্ষীৰ বন্দুকৰ পৰা ওলাইছে গুলী । কিন্তু ইয়াৰ পাছতো এচাম গো-মাফিয়াই নির্বিঘ্নে চলাই গৈছে গৰুৰ চোৰাং চালান ।

নিশা ধুবুৰীৰ পৃথক দুটাকৈ স্থানত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ প্ৰচণ্ড গুলীচালনা । ধুবুৰী আৰক্ষীৰ দল এটাই ভাৰত বাংলা সীমান্তৰ পোৰাৰচৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বুকুত চলায় অভিযান । নদীৰ মাজত খেদি খেদি গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ ১২ জাইকৈ গুলিচালনা ধুবুৰী আৰক্ষীৰ । অৱশেষত দক্ষিণ শালমাৰাৰ পোৰাৰচৰত নাও লগাই গো-মাফিয়া কেইজন কিছু গৰু লগত লৈ পলাই যাবলৈ সক্ষম হয় ।

অভিযানত ছটাকৈ উন্নতজাতৰ গৰুসহ এখন নাও জব্দ কৰে আৰক্ষীয়ে । কিন্তু প্ৰশ্ন হয়, যি সময়ত ফকিৰগঞ্জ আৰু দক্ষিণ শালমাৰা আৰক্ষী থানা অঞ্চলৰে গৰুৰ এনে ভয়াৱহ চোৰাং কাৰবাৰ চলিছে সেই সময়ত কি কৰিছে ফকিৰগঞ্জ আৰু দক্ষিণ শালমাৰা আৰক্ষী । দক্ষিণ শালমাৰা আৰক্ষীয়ে কৰিবলগীয়া কাম কৰিছে ধুবুৰী আৰক্ষীয়ে।

 ইপিনে একে সময়তে ধুবুৰীৰ গৌৰীপুৰৰ পৰা গদাধৰ নৈ হৈ চান্দাখোল বিলৰ মাজেৰে বাংলাদেশলৈ নিয়াৰ চেষ্টা দুখন নাও ভৰ্তি ১২ টাকৈ চোৰাং গৰু । গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ ধৰ্মশালা আৰক্ষীৰ নিৰীক্ষণ চকীৰ আৰক্ষীয়ে অভিযান চলাই গৰু ভৰ্তি নাও দুখন ৰখাবলৈ চেষ্টা কৰে । এটা সময়ত আৰক্ষীয়ে গো-মাফিয়াক লক্ষ্য কৰি দুই জাইকৈ গুলিচালনা কৰি নাও ৰখাবলৈ সক্ষম হয় । পাছত দুখন নাওসহ ১২ টাকৈ চোৰাং গৰু জব্দ কৰে আৰক্ষীয়ে । যদিও পলাই যাবলৈ সক্ষম হয় গো-মাফিয়া ।

ধুবুৰীৰ পৃথক দুটাকৈ স্থানত আৰক্ষীয়ে অভিযান চলাই মুঠতে ১৬ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে, গৌৰীপুৰত আৰক্ষীয়ে অভিযান চলাই চাৰিটাকৈ চোৰাং গৰুসহ আটক কৰে দুই চোৰাং সৰবৰাহকাৰীক ।

Exit mobile version