হিমাচল প্রদেশত পর্যটকৰ প্রচণ্ড ভিৰ : কৰ’না সংক্ৰমণৰ শংকা সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ

1619347146 pti04 24 2021 000141b

দেশৰ বিভিন্ন ৰাজ্যত কৰনাৰ সংক্রমণ অব্যাহত থকাৰ সময়তে পর্যটকৰ বাবে দুৱাৰ মুকলি কৰিলে দেশৰ অন্যতম পর্যটন কেন্দ্র হিমাচল প্রদেশে।

ইতিমধ্যে যথেষ্ট দেশী-বিদেশী পর্যটকে হিমাচল প্রদেশৰ বিভিন্ন পর্যটনকেন্দ্ৰত ভিৰ কৰিছে। ছিমলা, কুফৰি, নাকান্দা, ডালহৌচি, মানালীৰ দৰে পর্যটন অঞ্চলসমূহত সম্প্রতি হেজাৰ হেজাৰ লােকে ভিৰ কৰিছে।

এইসমূহ অঞ্চলত বর্তমানে হােটেলত খালী কোঠা লাভ কৰাটো পৰ্যটকৰ বাবে কঠিন হৈছে। কৰ’নাৰ ব্যাপক সংক্রমণৰ পাছতাে হিমাচল প্রদেশত এইদৰে পর্যটকে ভিৰ কৰাক লৈ শংকা ব্যক্ত কৰিলে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে।

টুইটাৰ, ফেচবুক আদিৰ দৰে সামাজিক মাধ্যমত একাংশ লােকে হিমাচল প্রদেশত পর্যটকে এইদৰে ভিৰ কৰাৰ ভিডিঅ’, ফটো শ্বেয়াৰ কৰি কয়, “পর্যটকসকলে ক’ভিড বিধি মানি চলা নাই৷

মাস্ক পিন্ধিলেও সামাজিক দূৰত্ব বিধি কোনেও পালন কৰা নাই। ক’ভিডৰ তৃতীয় ঢৌৰ আগমন ঘটিলে হােটেলতাে বাদেই, চিকিৎসালয়ত শয্যা লাভ নকৰিব।

Exit mobile version