এছিয়া আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত সুনাম অর্জন কোকৰাঝাৰৰ যুৱকৰ

WhatsApp Image 2021 07 08 at 7.03.51 PM

কোকৰাঝাৰ জিলাৰ সদৰ কোকৰাঝাৰ চহৰৰ ৪ নং ওৱাৰ্ডৰ বাসিন্দা ৰাহুল শৰ্মাৰ পুত্র আৰিয়ান শৰ্মাই ২৫ জুন ২০২১ তাৰিখে এছিয়া আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত সুনাম অর্জন কৰে । সুনাম অর্জন কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অখিল হিন্দীভাষী বিকাশ পৰিষদ (সন্তোষ শ্বাহ আৰু ৰমেশ কুমাৰ মিশ্রা) গোটৰ কোকৰাঝাৰ জিলা সমিতিয়ে আৰিয়ান শৰ্মাৰ ঘৰত উপস্থিত হৈ আৰোনাই আৰু ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

ADVERTISEMENT

সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ পাছত কেন্দ্রীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেশ কুমাৰ মিশ্রাই সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে, আমাৰ হিন্দীভাষী যুৱক-যুৱতীসকলে এনেকুৱাকৈ যিমানেই সুনাম অর্জন কৰিব সিহঁতক আমি অখিল হিন্দীভাষী বিকাশ পৰিষদৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰি থাকিম আৰু ভৱিষ্যতৰ মঙ্গলৰ কাৰণে যিধৰণৰ সহায় সহযোগিতা লাগে আমি প্ৰদান কৰিম বুলিও প্ৰকাশ কৰে ।

Exit mobile version